১৪ দিনৰ বাবে কাৰাগাৰলৈ নিক্ষেপ মডেল ৰাজকন্যা বৰুৱাক, আৰক্ষীয়ে নিবিচাৰিলে নিজৰ জিম্মাত

ৰেইনড্ৰ'প নামৰ এনজিঅ'টোৱে দুয়োখন ভৰি হেৰুওৱা দুৰ্ভগীয়া শ্ৰমিক যোছেফক আগবঢ়াব কৃত্ৰিম ভৰি, নিলম্বন হ'ব পাৰে এজন আৰক্ষী বিষয়া

মদ্যপান কৰি তীব্ৰবেগেৰে গাড়ী চলাই ৯ জনকৈ শ্ৰমিকক আহত কৰা আৰু ইয়াৰে যোছেউফ নামৰ শ্ৰমিক জনে দুয়ো খন ভৰিয়েই হেৰুৱাবলগীয়া হয়।

১ অক্টোবৰৰ নিশা মডেল ৰাজকন্যা বৰুৱাই দিছপুৰত সংঘটিত কৰা দুৰ্ঘটনাত দুয়োখন ভৰি কটা গ’ল এজন লোকৰ৷ যোচেফ নামৰ লোকজনৰ চিকিৎসকে কাটিব লগা হ’ল বাওঁ ভৰিখন৷ দুৰ্ঘটনাটোত সোঁভৰিখন চিঙি পথত পৰি ৰৈছিল তেওঁৰ৷

ইয়াৰোপৰি, সান্ধ্য আইনৰ মাজতে দিছপুৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱাক জামিনৰ সুযোগ দিয়া দুই আৰক্ষী বিষয়া SI ছাহিৰ আলী আৰু WSI আভাৰাণী গগৈক ৰিজাৰ্ভ ক্ল’জ কৰিছে আৰক্ষী আয়ুক্তালয়ে৷ ইয়াৰে ছাহিৰ আলীক কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত নিলম্বন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

আৰক্ষী বিষয়া দুগৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। কিহৰ বাবে লোকনির্মাণ বিভাগত কৰ্মৰত  ৯ জনকৈ শ্ৰমিকক সান্ধ্য আইনৰ মাজত সুৰাৰ ৰাগীত মাতাল হৈ দুৰ্ঘটনা সংঘটিত কৰিব পালে সুন্দৰী ৰাজকন্যা বৰুৱাই? এই প্ৰশ্নই এতিয়া ছ’চিয়েল মেডিয়াত তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে।

ইপিনে আজি দিনৰ দুই বজাতে গুৱাহাটীৰ চিজেএম কোৰ্টত হাজিৰ কৰোৱা হয় মডেল ৰাজকন্যা বৰুৱাক। আদালতে ৰাজকন্যাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।আৰক্ষীয়ে ৰাজকন্যাক পুনৰ জিম্মাত নিবিচৰাৰ বাবেই তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।

শনিবাৰে গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ন গৰাকীকৈ শ্ৰমিকক মহতিয়াই নিয়া যুৱতী ৰাজকন্যা বৰুৱাই দেওবাৰে জামিন লাভ কৰিছিল।

উল্লেখ্য যে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯, ২৯৪, ৩৮৮ আৰু ৩৫৩ ধাৰাত গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে। ইয়াৰে তিনিটা ধাৰা হৈছে জামিনযোগ্য। সেইকেইটা হৈছে, ক্ৰমে দ্ৰুত গতিৰে গাড়ী চলোৱা, ৰাজহুৱা স্থানত অশালীন ব্যৱহাৰ কৰা আৰু দ্ৰুত গতিৰে গাড়ী চলাই মানুহক খুন্দিওৱা আদি।

কিন্তু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৩ ধাৰাটো আছিল জামিন অযোগ্য। কৰ্তব্যৰত আৰক্ষী বিষয়া বা চৰকাৰী বিষয়াক কৰ্তব্য সম্পাদনত বাধা প্ৰদান কৰা ক্ষেত্ৰত ৩৫৩ ধাৰা প্ৰযোজ্য হয় ।