• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৫ ডিচেম্বৰত গুৱাহাটীলৈ প্ৰধান মন্ত্ৰী মোদী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2019 8:49 pm
Indo-Japan summit: Modi aims to seek more Japanese investment for Northeast

মোদী আৰু আবে, উৎস-ইণ্টাৰনেট

808
VIEWS
Share on FacebookShare on Twitter

১৫ ডিচেম্বৰত ইণ্ড’-জাপান বাৰ্ষিক বৈঠকৰ বাবে গুৱাহাটীত উপস্থিত হ’ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, বাতৰিত প্ৰকাশ।

একেদিনাই জাপানী প্ৰধান মন্ত্ৰী শ্বিনজ’ আবেও গুৱাহাটীলৈ অহাৰ কথা।

১৪সংখ্যক ইণ্ড’-জাপান চামিট হ’ব প্ৰধান মন্ত্ৰী পৰ্য্যায়ত গুৱাহাটীত অনুষ্ঠিত প্ৰথমখন বৈঠক।

বৈঠকৰ চৰকাৰী সূচী প্ৰকাশ পোৱা নাই যদিও বাতৰিমতে, দুয়ো প্ৰধান মন্ত্ৰীয়ে গুৱাহাটীত এটা হেৰিটেজ বাংলো পৰিদৰ্শন কৰাৰ লগতে ব্ৰহ্মপুত্ৰত নৌকা বিহাৰ কৰিব।

তিনিদিনীয়া ভাৰত ভ্ৰমণ কাৰ্য্যসূচীৰে আহিব লগা জাপানী প্ৰধান মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পিছতে ইম্ফালৰ ইণ্ডিয়া পীচ মেমৰিয়েল পৰিদৰ্শন কৰাৰ কথা।

সংগ্ৰহালয়টো নিপ্পন ফাউণ্ডেচনৰ অৰ্থসাহায্যৰে দ্বিতীয় বিশ্বযুদ্ধত প্ৰাণ হেৰুওৱা জাপানী আৰু নেতাজী সুভাষ বসুৰ আজাদ হিন্দ ফৌজৰ সৈনিকৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল।

ইম্ফাল আৰু কহিমা দ্বিতীয় বিশ্বযুদ্ধৰ কিছু অতি ৰক্তক্ষয়ী যুঁজৰ সাক্ষী আছিল– ১৯৪৪ চনৰ মাৰ্চৰ পৰা জুনলৈ ৭০ হাজাৰ জাপানী সৈন্যই প্ৰাণ হেৰুৱাইছিল।

গুৱাহাটীৰ বৈঠকত দুয়ো নেতাৰ মাজত বিনিয়োগ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।

কেন্দ্ৰীয় চৰকাৰৰ বিষয়া এগৰাকীয়ে নৰ্থইষ্ট নাওক জনোৱামতে মোদীয়ে জাপানৰ প্ৰধান মন্ত্ৰী শ্বিনজ’ আবেক আপ্যায়নৰ বাবে গুৱাহাটীক বাচি লোৱাৰ লক্ষ্য হৈছে উত্তৰ-পূবত অধিক জাপানী বিনিয়োগ আদায় কৰা।

বিষয়াগৰাকীয়ে জনোৱামতে, প্ৰধান মন্ত্ৰী আবেক অঞ্চলটোত ইতিমধ্যে চলি থকা প্ৰায় এক ডজন জাপানী প্ৰকল্পৰ অগ্ৰগতি দেখুওৱা হ’ব।

“কিন্তু মূলতঃ আন্তঃগাঁথনি খণ্ডৰ বাবে নতুন প্ৰকল্পৰ এখন তালিকা যুগুত কৰা হৈছে আৰু এইক্ষেত্ৰত জাপানী বিনিয়োগ বিচৰা হ’ব পাৰে,” ড’নাৰ মন্ত্ৰ্যালয়ৰ বিষয়াগৰাকীয়ে জনায়।

জাইকা (Japan International Cooperation Agency) অধীনত দক্ষিণ মধ্য আৰু উত্তৰ গুৱাহাটীত দুটা বৃ্হৎ পানী যোগান প্ৰকল্পৰ নিৰ্মাণ চলি আছে।

Recent News

এসময়ত আছিল মুকেশ আম্বানীৰ ‘সোঁহাত’, ৭৫ কোটিৰ দৰমহা এৰি বাছি ল’লে আন এক জীৱন, কিয়?

এসময়ত আছিল মুকেশ আম্বানীৰ ‘সোঁহাত’, ৭৫ কোটিৰ দৰমহা এৰি বাছি ল’লে আন এক জীৱন, কিয়?

ধৰ্ষণ-সন্ত্ৰাসৰ আশংকা, মহিলাৰ বাবে অকলে যাত্ৰাত নিষেধাজ্ঞা; ভাৰত ভ্ৰমণত একাধিক সতৰ্কতা জাৰি আমেৰিকাৰ!

ধৰ্ষণ-সন্ত্ৰাসৰ আশংকা, মহিলাৰ বাবে অকলে যাত্ৰাত নিষেধাজ্ঞা; ভাৰত ভ্ৰমণত একাধিক সতৰ্কতা জাৰি আমেৰিকাৰ!

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

ইৰাণৰ ৩টা পাৰমাণৱিক কেন্দ্ৰ ধ্বংস কৰিলে আমেৰিকাই; ‘ঐতিহাসিক মুহূৰ্ত’ বুলি অভিহিত ট্ৰাম্পৰ

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

উভতি ধৰিছে ইংলেণ্ডে, অলি পোপৰ শতক; সোপাঢিলা লৱাৰ অৰ্ডাৰৰ মূল্য ভৰিছে টীম ইণ্ডিয়াই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd