NORTHEAST NOW (Assamese)

মোদী কেবিনেটৰ সিদ্ধান্ত; দেশৰ ৮০ কোটি জনসাধাৰণক ৩ মাহৰ বাবে ২ টকা আৰু ৩ টকা দৰত যোগান ধৰা হ’ব ঘেঁহ আৰু চাউল

March 25, 2020 3:47 pm · এন ই নাও নিউজ
Updated: March 25, 2020 3:48 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ মাৰ্চত ৰাষ্ট্ৰক সম্বোধন কৰি সমগ্ৰ দেশত ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰাৰ পাছত দেশৰ জনসাধাৰণৰ মাজত খাদ্যবস্তুকে ধৰি নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ যোগান সন্দৰ্ভত প্ৰশ্নৰ সৃষ্টি হৈছে।

দেশৰ জনসাধাৰণৰ মাজত খাদ্যবস্তুকে ধৰি কোনোধৰণৰ অতি প্ৰয়োজনীয় সামগ্ৰীৰ যাতে অভাৱ হ’ব নোৱাৰে সেই সম্পৰ্কত আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন গুৰুত্বপূৰ্ণ কেবিনেট বৈঠকত অংশগ্ৰহণ কৰে।

মোদী কেবিনেটত লকডাউনকে ধৰি এই দুৰ্যোগৰ সময়ত দেশৰ মুঠ ৮০ কোটি জনসাধাৰণক ২ টকা প্ৰতিকেজি দৰত ঘেঁহু আৰু ৩ টকা প্ৰতিকেজি দৰত চাউল ৩ মাহৰ বাবে যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই সিদ্ধান্তৰ দ্বাৰা দেশৰ দুখীয়া তথা খাটি খোৱা জনসাধাৰণে যাতে কোনোধৰণৰ খাদ্যবস্তুৰ অভাৱত পৰিবলগীয়া নহয় সেয়া নিশ্চিত হ’ব বুলি আশা প্ৰকাশ কৰিছে কেবিনেটে।

উল্লেখযোগ্য যে, সমগ্ৰ ভাৰতত বৰ্তমান সময়ত ৫৮২ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু ১১ গৰাকী লোকৰ বৰ্তমানলৈ মৃত্যু হৈছে।

Related News