মোদী কেবিনেটৰ অধ্যাদেশৰ মাজতো নাই নাগৰিকত্ব বিধেয়ক

Modi cabinet meeting ends, approves no ordinance on Citizenship bill

পূৰ্বৰ মোদী কেবিনেটৰ ছবি। সৌজন্য-- Scroll.in|

নাগৰিকত্ব বিধেয়ক গ্ৰহণ কৰিবই বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে দলীয় কৰ্মীক শেহতীয়া অসম ভ্ৰমণত কৈ গ’লেও, মোদী কেবিনেট-অনুমোদিত অধ্যাদেশৰ মাজত নাই বিধেয়কখন।

“তিনি তালাক”ৰূপে জনাজাত বিতৰ্কিত মুছলিম মহিলা (বিবাহ অধিকাৰ সুৰক্ষা ), দ্বিতীয় অধ্যাদেশৰ লগতে মঙলবাৰৰ কেবিনেটে অনুমোদন কৰা অধ্যাদেশকেইখন হৈছে Indian Medical Council (Amendment) Second Ordinance, 2019, Banning of Unregulated Deposit Schemes Ordinance, 2019 আৰু Companies (Second Amendment) Ordinance, 2019।

সূত্ৰ মতে উত্তৰ–পূবত খিলঞ্জীয়াৰ লগতে বিধেয়কখনৰ বিৰুদ্ধে মিত্ৰ দলৰো প্ৰচণ্ড বিৰোধৰ বাবেই মোদী চৰকাৰে সাধাৰণ নিৰ্বাচনৰ সন্মুখত অধ্যাদেশৰ ৰিস্ক ল’ব খোজা নাই।

লগতে পঢ়ক– স্বাধীন মিজোৰাম আদৰণিৰে প্ৰতিবাদী জনতাত বিলীন ৫ বাৰৰ মুখ্য মন্ত্ৰী

লোকসভাত গৃহীত হোৱা বিধেয়কখন ৰাজ্যসভাত উত্থাপনতেই বিফল হোৱাৰ পিছত অধ্যাদেশৰ যোগেদি বিধেয়কখন গ্ৰহণ কৰা হ’ব বুলি উত্তৰ-পূবৰ প্ৰতিবাদীৰ মাজত আশংকাৰ সৃষ্টি হৈছিল।