১৭ লাখ টকাত ICCয়ে বিক্ৰী কৰিছে বিশ্বকাপত ভাৰত-পাকিস্তান মেচৰ টিকট! ললিত মোদীৰ অভিযোগ

অহা ৯ জুনত টি-২০ বিশ্বকাপত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান। একেটা গ্ৰুপতে দুটা দল আছে। যোৱা টি-২০ বিশ্বকাপত ভাৰতৰ হাতত পৰাস্ত হৈছিল পাকিস্তান। মেলবৰ্ণৰ সেই মেচখনত খেলপথাৰত প্ৰায় এক লাখ দৰ্শক আছিল। ভাৰতৰ হৈ খেলখনত জয়লাভ কৰাই বিৰাট কোহলীয়ে। এইবাৰো ভাৰত-পাকিস্তানৰ খেলখনৰ প্ৰতি আগ্ৰহ অধিক। আৰু ললিত মোদীয়ে সেই মেচখনৰ টিকটৰ দামক লৈ আইচিচিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।

এইবাৰ আমেৰিকাত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। আই পি এলৰ প্ৰাক্তন মুৰব্বীগৰাকীয়ে ছ’চিয়েল মিডিয়াত লিখিছে, ‘মই স্তম্ভিত হৈছো, আই চি চিয়ে ভাৰত-পাকিস্তানৰ মেচৰ টিকট ২০ হাজাৰ ডলাৰ (প্ৰায় ১৭ লাখ টকা)ত বিক্ৰী কৰিছে। এইবাৰ ক্ৰিকেটৰ প্ৰচাৰৰ বাবে আৰু অনুৰাগীক আনন্দ দিয়াৰ বাবে আমেৰিকাত অনুষ্ঠিত হৈছে টি-২০ বিশ্বকাপ। টিকট বিক্ৰী কৰি লাভৰ কোনো প্ৰতিযোগিতা হোৱা নাই।”

আমেৰিকাৰ এক সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, ভাৰত-পাকিস্তানৰ খেলখনৰ টিকট দুগুণ মূল্যত বিক্ৰী কৰা হৈছে। কিছুমান টিকটৰ দাম এক কোটি টকা। এই খবৰ পোহৰলৈ অহাৰ পাছতহে ললিতৰ এই বক্তব্য পোহৰলৈ আহে।৫ জুনত ভাৰতে টি-২০ বিশ্বকাপৰ প্ৰথমখন খেল খেলিব। সেই মেচখন ভাৰতে আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিব। দ্বিতীয়খন খেল পাকিস্তানৰ বিৰুদ্ধে। ভাৰতৰ গ্ৰুপত আমেৰিকা আৰু কানাডাও আছে।