NORTHEAST NOW (Assamese)

আদৰণিত ক’লা পতাকা, ক’লা বেলুন: তেলেংগানাত প্ৰতিবাদৰ সন্মুখীন প্ৰধানমন্ত্ৰী মোদী

November 12, 2022 7:43 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 12, 2022 9:18 pm

দেশৰ প্ৰায় অংশতে নিজকে জনপ্ৰিয় নেতা হিচাপে প্ৰতিষ্ঠা কৰিলেও দক্ষিণ ভাৰতত এতিয়াও খোপনি পুতিবলৈ সক্ষম হোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি তেলেংগানা ভ্ৰমণৰ সময়ত এই কথাকে প্ৰতিপন্ন কৰি তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হয় নৰেন্দ্ৰ মোদী।

আজি তেলেংগানা ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী মোদীক ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত শ শ প্ৰতিবাদকাৰীয়ে ক’লা পতাকা আৰু ক’লা বেলুনেৰে আদৰণি জনায়। হায়দৰাবাদৰ কেবিআৰ পাৰ্ক আৰু ওচমানিয়া বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন স্থানত মোদীৰ ভ্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে বহু যুৱক-যুৱতীয়ে।

প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে আৰক্ষীয়ে বাওঁপন্থী দলৰ কৰ্মীসহ কেইবাগৰাকীও প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে। হায়দৰাবাদত গ্ৰেপ্তাৰ হোৱা প্ৰতিবাদকাৰীসকলৰ ভিতৰত চিপিআইৰ ৰাষ্ট্ৰীয় সম্পাদক কে নাৰায়ণো অন্যতম।

তেলেংগানাৰ প্ৰতি কেন্দ্ৰৰ বৈষম্যমূলক আচৰণ আৰু ৰাজ্যখনৰ প্ৰতি কৰা প্ৰতিশ্ৰুতি পূৰণত কেন্দ্ৰৰ বিফলতাৰ অভিযোগত এই প্ৰতিবাদৰ সাব্যস্ত কৰা হয়। উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে আজি ৰামাগুণ্ডম সাৰ আৰু ৰাসায়নিক পদাৰ্থ লিমিটেড উদ্বোধনৰ বাবে তেলেংগানা ভ্ৰমণ কৰিছিল।

ক’লা পোছাক পৰিধান কৰি প্ৰতিবাদকাৰীসকলে “মোদী গ’ বেক, ন’ এণ্ট্ৰী টু তেলেংগানা” শ্ল’গানেৰে পৰিস্থিতি উত্তাল কৰি তোলাৰ লগতে কেবিআৰ পাৰ্কত ক’লা বেলুন উৰুৱাই তেলেংগানা হন্ডেভা যুৱ বাহিনীয়ে প্ৰতিবাদ গঢ়ি তোলে।

ইফালে পেড্ডাপল্লী জিলাৰ চিংগেৰি কলিয়াৰী কোম্পানী লিমিটেডৰ বাওঁপন্থী দল আৰু কৰ্মচাৰী সংগঠনসমূহেও কেন্দ্ৰীয় চৰকাৰে কয়লা খণ্ডৰ ব্যক্তিগতকৰণৰ বাবে লোৱা পদক্ষেপৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে ইনফ’ৰমেচন টেকন’লজী ইনভেষ্টমেন্ট ৰিজন (ITIR), টেক্সটাইল পাৰ্ক, ডিফেন্স কৰিডৰ, কাজিপেট ৰে’ল কোচ কাৰখানা, বায়াৰাম ষ্টীল প্ৰকল্প, হালধি বোৰ্ড আৰু জনজাতীয় বিশ্ববিদ্যালয়কে ধৰি তেলেংগানাক দিয়া প্ৰতিশ্ৰুতিসমূহ কিয় পূৰণ নহ’ল বুলিও মোদীক প্ৰশ্ন কৰে প্ৰতিবাদকাৰীসকলে।

প্ৰধানমন্ত্ৰী মোদীৰ ফটো সংলগ্ন “ন’ এণ্ট্ৰি” লিখা পোষ্টাৰ বিভিন্ন স্থানত আঁৰি দিয়াৰ লগতে হস্ততাঁতৰ সামগ্ৰীৰ ওপৰত পাঁচ শতাংশ জিএছটিৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰীসকলে।

Related News