মোদী চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়ত ৱাকফ সংশোধনী বিধেয়ক আনিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। মঙলবাৰে সংসদৰ ব্যৱসায়িক পৰামৰ্শদাতা সমিতিৰ বৈঠকত বিলখন সংসদত উত্থাপন কৰাৰ বাবে অনুমোদন লাভ কৰিছে। ২ এপ্ৰিলত ৱাকফ সংশোধনী বিধেয়ক লোকসভাত উত্থাপন কৰিব মোদী চৰকাৰে।
বিলখন সংসদত উত্থাপনৰ সময়ত বিজেপিৰ নেতৃত্বত থকা এনডিএ জোটে নিজৰ সকলো সাংসদক হুইপ জাৰি কৰিছে। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে উল্লেখ কৰিছে যে ২ এপ্ৰিলত সংসদৰ প্ৰশ্নোত্তৰৰ ঠিক পিছতেই লোকসভাত বিলখন উত্থাপন কৰা হ’ব।
কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে এই বিধেয়কখন আলোচনাৰ বাবে ৮ ঘণ্টা সময় ধাৰ্য কৰা হৈছে। কিন্তু বিৰোধী দলে কমেও ১২ ঘণ্টা আলোচনাৰ দাবী জনাইছে ইয়াৰৰ বিপৰিতে ৰিজিজুৱে ৪ এপ্ৰিলত সংসদৰ অধিৱেশন শেষ হ’ব আৰু তাৰ আগতেই বিলখন ৰাজ্যসভাতো নুমোদন কৰাব লাগিব বুলি মন্তব্য কৰে।
তেওঁ ৱাকফ বিধেয়ক লোকসভাৰ বাবে যিমান গুৰুত্বপূৰ্ণ, ৰাজ্যসভাৰ বাবেও সিমানেই গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় যে যদি দুদিন লোকসভাত আলোচনা হয়, তেন্তে ৰাজ্যসভাৰ বাবে সময় নাথাকিব। কোনে সমৰ্থন কৰিলে আৰু কোনে বিৰোধিতা কৰিলে সেয়া সংসদৰ ইতিহাসত লিপিবদ্ধ থাকিব বুলি মত প্ৰকাশ কৰে।
যদি বিলৰ ওপৰত ক’বলৈ একো নাই, তেন্তে অজুহাত নিদি মুকলিকৈ কথা ক’ব লাগে বুলি তেওঁ বিৰোধীক উদ্দেশ্যি মত প্ৰকাশ কৰে আৰু তেওঁ লগতে কয় যে আলোচনাৰ সময় বঢ়াব পাৰি, কিন্তু বিলটো একেদিনাই পাচ কৰিব লাগিব। তেওঁ লগতে কৈছে যে বহু মুছলমানেও এই বিলৰ সমৰ্থন কৰিছে।