বাংলাদেশৰ ভূমি কোনো সন্ত্ৰাসবাদীক ব্যৱহাৰ কৰিব দিয়া নহ’ব : শ্বেইখ হাছিনা

modi-sheikh-hasina-pti_625x300_1527216872679

মোদী আৰু শ্বেইখ হাচিনা। ফাইল ফটো।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেইখ হাছিনাই সোমবাৰে যুটীয়াভাবে দ্বিপাক্ষিক সহযোগিতাৰ প্ৰকল্প উদ্বোধন কৰে। এই প্ৰকল্প অনুসৰি দুয়োখন দেশে বাছ আৰু ট্ৰাকৰ যোগান, ৩৬ খন কমিউনিটি ক্লিনিক, ১১ খন জল সম্বন্ধীয় চুক্তি, ভিডিঅ’ কনফাৰেঞ্চিঙৰ যোগেৰে জ্ঞানৰ পাৰস্পৰিক আদান-প্ৰদান আদিৰ সহযোগিতাৰ দিশত এঢাপ আগবাঢ়ে।

আনহাতে, বাংলাদেশৰ প্ৰধান মন্ত্ৰীয়ে প্ৰথমৰে পৰা বাংলাদেশৰ ভূমি কোনো সন্ত্ৰাসবাদীক ব্যৱহাৰ কৰিব দিয়া নহ’ব বুলি নিজৰ স্পষ্ট স্থিতি প্ৰকাশ কৰিছে।

নৰেন্দ্ৰ মোদীয়ে কয় যে এয়া তেওঁৰ বাংলাদেশৰ প্ৰধান মন্ত্ৰীৰ লগত ষষ্ঠটো ভিডিঅ’ কনফাৰেঞ্চিং। শ্বেইখ হাছিনাৰ স্থিতিয়ে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্বন্ধ অধিক শক্তিশালী কৰা বুলি মোদীয়ে উল্লেখ কৰে। আজিৰ পাৰস্পৰিক বুজাবুজিয়ে কেবল মাত্ৰ যাতায়ত পৰিবহনৰ ক্ষেত্ৰতে নহয়, জ্ঞানৰ সম্পৰ্কও মজবুত কৰিব। আনহাতে, ৰাষ্ট্ৰীয় জ্ঞান সংযোগে ভাৰতবৰ্ষ আৰু বাংলাদেশৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষক সকলক সহায় কৰিব বুলিও নৰেন্দ্ৰ মোদীয়ে কয়।

ভাৰত আৰু বাংলাদেশৰ মাজত হোৱা বুজাবুজিয়ে পথ পৰিবহনৰ ক্ষেত্ৰত, পানী যোগানে পৰিস্কাৰ খোৱাপানীৰ ক্ষেত্ৰত আৰু কমিউনিটি ক্লিনিকে বাংলাদেশৰ দুই লাখ লোকক সহায় কৰিব। আনহাতে, ভাৰত-বাংলা সম্পৰ্কই জনসাধাৰণৰ বিকাশৰ বাবে দুয়োখন দেশে দেখুওৱা সহযোগিতাক পুনৰ বাৰ প্ৰমান কৰা বুলি উল্লেখ কৰি শ্বেইখ হাছিনাৰ নেতৃত্বত এই সম্পৰ্ক ভবিষ্যতে আৰু অধিক শক্তিশালী হ’ব বুলি কয় ভাৰতৰ প্ৰধান মন্ত্ৰী মোদীয়ে।