NORTHEAST NOW (Assamese)

অৱশেষত মোদীয়েও খালে বিয়া : দৰা-কইনাই চৰণ চুই সেৱা ল’লে প্ৰধানমন্ত্ৰীৰ

July 14, 2024 11:26 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

অৱশেষত দেশৰ প্ৰধানমন্ত্ৰীয়েও খালে মুকেশ আম্বানীৰ সৰু পুত্ৰ অন্তত আম্বানীৰ বিয়া। বিয়াৰ দিনা উপস্থিত থাকিব নোৱাৰিলেও বিয়াৰ পিছদিনা দৰা-কইনাক আশীৰ্বাদ দিবলৈ ৰভাতলীত উপস্থিত হ’ল প্ৰধানমন্ত্ৰীগৰাকী।

উল্লেখ্য যে ৰাধিকা-অনন্তৰ বিবাহৰ পিছদিনা আয়োজন কৰা হৈছিল ‘শুভ আশীৰ্বাদ’ অনুষ্ঠান। এই অনুষ্ঠানতে উপস্থিত থাকে নৰেন্দ্ৰ মোদী। এই অনুষ্ঠানত উপস্থিত হৈ দুয়োকে উপহাৰো প্ৰদান কৰে মোদীয়ে।

প্ৰধানমন্ত্ৰী অনুষ্ঠানটিত উপস্থিত হোৱাৰ লগে লগেই মোদীক আদৰি নিয়ে দৰাৰ মাক নীতা আম্বানীয়ে। লগতে লগতে মোদীৰ ভৰি চুই সেৱা গ্ৰহণ কৰে দৰা অনন্ত আম্বানী আৰু কইনা ৰাধিকা মাৰ্চেণ্টে । মোদীয়েও হালকেই উপহাৰ আৰু আশীৰ্বাদ প্ৰদান কৰে।


যোৱা ১২ জুলাইত অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ এমাহ আগৰ পৰাই চলিছিল বিভিন্ন প্ৰি-ৱেডিং অনুষ্ঠান। বিবাহ অনুষ্ঠানত আমিতাভ বচ্চনৰ পৰিয়াল, লালু প্ৰসাদ যাদৱ, শতুঘ্ন সিনহা, শ্বাহৰুখ খান, ছালমান খান, প্ৰিয়ংকা চোপ্ৰা, দীপিকা পাডুকনৰ দৰে বলীউডৰ তাৰকাৰ পৰা আৰম্ভ কৰি হলিউডৰ তাৰকা কিম কাৰ্দাছিয়ান, জন চিনা, নিক জ’নাছ, প্ৰাক্তন ব্ৰিটিছ ৰাষ্ট্ৰপতি বৰিছ জনছন, টনি ব্লেয়াৰ, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, অখিলেশ যাদৱ, লালু প্ৰসাদ যাদৱকে ধৰি দেশ-বিদেশৰ ৰাজনৈতিক ব্যক্তিসকল উপস্থিত থাকে।

Related News