“মোডীয়ে ২৪ ঘণ্টাজুৰি ভাৰতবাসীক মিছা কথা কৈ থাকে” : কামৰূপত ৰাহুল গান্ধী
কংগ্ৰেছ নেতা ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক মিছা কথা কৈছে বুলি অভিযোগ কৰে।
বুধবাৰে কামৰূপ জিলাৰ এখন নিৰ্বাচনী ৰেলীত তেওঁ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে।
নিৰ্বাচন উপলক্ষে তেওঁৰ এইটো তৃতীয়টো অসম ভ্ৰমণ।
”মই ইয়ালৈ আপোনালোকক মিছা কথা ক’বলৈ অহা নাই। মোৰ নাম নৰেন্দ্ৰ মোডী নহয়।” ৰাহুল গান্ধীয়ে কয়- ”যদি আপোনালোকে অসম, কৃষক অথবা যিকোনো বিষয়ৰ ওপৰত মিছা কথা শুনিবলৈ মন কৰিছে- তেন্তে টিভিৰ চুইছ অন কৰক, নৰেন্দ্ৰ মোডীৰ মুখখন চাওক আৰু তেওঁৰ কথা যিমান পাৰা সিমান শুনি থাকক। তেওঁ ২৪ ঘণ্টাজুৰি ভাৰতবাসীক মিছা কথা কৈ থাকে।”
কংগ্ৰেছ নেতাজনে তেওঁৰ দুদিনীয়া ভ্ৰমণটো কামাখ্য মন্দিৰ দৰ্শন কৰি আৰম্ভ কৰে।
মন্দিৰত তেওঁ ভক্তসকলৰ স’তে কথা-বতৰা হয়।
তদুপৰি স্থানীয় লোক এজনক তেওঁ সাৱটিও ধৰে।
”কংগ্ৰেছে অসমৰ ভোটদাতাসকললৈ পাঁচটা গেৰাণ্টি প্ৰদান কৰিছে।” গান্ধীয়ে নিৰ্বাচনী ৰেলীত কয়- ”আমি বিজেপি নহয়, আমি প্ৰতিশ্ৰুতি পূৰণ কৰো। চাহ বাগানৰ শ্ৰমিকসকলে আমি দিয়া দৈনিক ৩৬৫ টকাৰ নূন্যতম মজুৰিৰ গেৰাণ্টিটো মনত ৰখা উচিত।”
কামৰূপৰ পাছতে গান্ধীয়ে বৰখেত্ৰীৰ লোহাৰকাথা আদাবাৰী গাঁৱত নিৰ্বাচনী সভাত ভাগ ল’ব।