NORTHEAST NOW (Assamese)

‘হাইড্ৰ’ক্সিক্ল’ৰ’কুইন নিষিদ্ধকৰণ উঠাই লৈ মোদীয়ে নিজৰ ভাৱমূৰ্তি ম্লান কৰিহে ল’লে’; সুব্ৰমণিয়ম স্বামী

April 11, 2020 5:43 pm · এন ই নাও নিউজ
সুব্ৰমণিয়ম স্বামী (ফাইল ফ'টো)

হাইড্ৰ’ক্সিক্ল’ৰ’কুইন নিষিদ্ধকৰণ উঠাই লৈ মোদীয়ে নিজৰ ভাৱমূৰ্তি ম্লান কৰিহে ল’লে। এই দাবী বিজেপিৰ ৰাজ্যসভাৰ সাংসদ সুব্ৰমণিয়ম স্বামীৰ।

স্বামীৰ দাবী যে ভাৰতে ‘হাইড্ৰ’ক্সিক্ল’ৰ’কুইন ৰপ্তানিৰ নিষিদ্ধকৰণ উঠাই লোৱাৰ ফলত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৱমূৰ্তি ম্লানহে পৰিছে।

সাংসদ স্বামীয়ে কয় যে কোবিড১৯ যুঁজৰ বিৰুদ্ধে ‘হাইড্ৰ’ক্সিক্ল’ৰ’কুইন ৰপ্তানি কৰিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ধমকিৰ পিছত ভাৰতে ৰপ্তানিৰ বাবে সন্মত হোৱাটোৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাৱমূৰ্তি ম্লান কৰিলে।

বিৰাট হিন্দুস্তান নামৰ এটা ইউটিউভ চেনেলক শুকুৰবাৰে দিয়া এক সাক্ষাৎকাৰত এই দাবী কৰিছে সাংসদ স্বামীয়ে।

‘ট্ৰাম্পে ভাৰতক ভাবুকি দিছিল ‘হাইড্ৰ’ক্সিক্ল’ৰ’কুইন ৰপ্তানিৰ নিষিদ্ধকৰণ উঠাই ল’বলৈ, ই সমগ্ৰ দেশতে চাপৰ সৃষ্টি কৰিছিল।’ স্বামীয়ে কয়।

উল্লেখ্য যে ৬ এপ্ৰিলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৈছিল যে যদি ভাৰতে আমেৰিকালৈ হাইড্ৰ’ক্সিক্ল’ৰ’কুইন ৰপ্তানি নকৰে তেনে আমিৰকাই তাৰ প্ৰতিশোধ ল’ব।

মোদী চৰকাৰে ট্ৰাম্পৰ এই ভাবুকিৰ পিছত আংশিকভাৱে আমেৰিকালৈ হাইড্ৰ’ক্সিক্ল’ৰ’কুইন ৰপ্তানিৰ কৰে।

‘আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে সংবাদ মেলযোগে ভাৰতক ৰপ্তানি নিষিদ্ধকৰণ উঠাই লৈ হাইড্ৰ’ক্সিক্ল’ৰ’কুইন প্ৰয়োজন হোৱা দেশবোৰলৈ ৰপ্তানি কৰিবলৈ কোৱাৰ মাত্ৰ দুঘণ্টাৰ ভিতৰতে ভাৰতে এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে।’ স্বামীয়ে সাক্ষাৎকাৰটোত এইদৰে কয়।

স্বামীৰ মতে দুৰ্ভাগ্যজনকভাৱে সময়তো বৰ বেয়া আছিল আৰু ভাৰতৰ সংবাদ মাধ্যমে ট্ৰাম্পৰ ভাবুকিক গুৰুত্ব সহকাৰে প্ৰচাৰ কৰিলে আৰু ভাৰতে ৰপ্তানিৰ নিষিদ্ধকৰণৰ সিদ্ধান্ত উঠাই ল’বলৈ বাধ্য হ’ল বুলি স্বামীয়ে কয়।

Related News