NORTHEAST NOW (Assamese)

আই পি এলৰ মাজতে মহম্মদ ছামীক মৃত্যুৰ ভাবুকি! আঁৰত কোন? আৰক্ষীক জনালে পৰিয়ালে

May 6, 2025 9:45 am · এন ই নাও নিউজ, গুৱাহাটী

পুনৰ বাতৰিৰ শিৰোনামত মহম্মদ ছামী। আই পি এল চলি থকাৰ মাজতে ভাৰতীয় দলৰ পেচাৰগৰাকীলৈ আহিছে মৃত্যুৰ ভাবুকি! উত্তৰ প্ৰদেশৰ আমৰোহাৰ চাইবাৰ ক্ৰাইম আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ছামীৰ ভাতৃ মহম্মদ হাছিবে।

এইবাৰৰ আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলিছে ছামীয়ে। এই পৰ্যন্ত তেওঁ ৯ খন মেচত ৬ টা উইকেট দখল কৰিছে। অৱশ্যে সোমবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে তেওঁ আৰম্ভণি একাদশত নাছিল।

অভিযোগ অনুসৰি ৰাজপুত চিন্দাৰ নামৰ এজন ব্যক্তিয়ে ইমেইলযোগে ছামীক হত্যা কৰাৰ ভাবুকি দিছে। ছামীৰ ভাতৃয়ে দাবী কৰে যে অভিযুক্ত তেওঁলোকৰ বাবে অচিনাকি। তেওঁ ছামীক কিয় ভাবুকি দিছে সেয়া পৰিয়ালৰ লোকে বুজিব পৰা নাই। আতংকিত হৈ পৰিছে তেওঁলোক।

ইপিনে, ছামীৰ প্ৰাক্তন পত্নী হাছিনে কয় যে ‘’ছামীয়ে তেওঁৰ দুৰ্বল প্ৰদৰ্শনৰ পৰা মনোযোগ আঁতৰাই প্ৰচাৰ লাভ কৰিবলৈ চেষ্টা কৰিছে। তেওঁ কয় যে চৰকাৰে ছামী আৰু তেওঁৰ পৰিয়ালৰ লোকক নিৰাপত্তা প্ৰদান কৰে। ফলত এনে ঘটনা সংঘটিত হ’লে দোষী নিশ্চিতভাৱে ধৰা পৰিব। যদি ধৰা নপৰে তেন্তে মানুহে সত্যটো বুজি পাব যে ই এটা প্ৰচাৰৰ ষ্টাণ্ট আছিল।”

Related News