NORTHEAST NOW (Assamese)

বিশ্বকাপৰ পাছত পুনৰ নায়ক ছামী; মৃত্যু মুখৰ পৰা ৰক্ষা কৰিলে আক্ৰান্তক, চাওক ভিডিঅ’

November 26, 2023 1:10 pm · এন ই নাও নিউজ, গুৱাহাটী

বিশ্বকাপত তেওঁ এক দৰ্শনীয় প্ৰদৰ্শনেৰে সমগ্ৰ দেশৰ হৃদয় জয় কৰিছিল। এইবাৰ তেওঁ অন্য এক ভূমিকা পালন কৰিলে। উত্তৰাখণ্ডৰ নাইনিতালত দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ আক্ৰান্তসকলক সহায় কৰা দেখা গ’ল ছামীক।

বৰ্তমান তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা জিৰণি লৈ আছে। ছুটী কটাইছে। দেওবাৰে নিজৰ ইনষ্টাগ্ৰামত এই দুৰ্ঘটনাৰ ভিডিঅ’ পোষ্ট কৰি লিখিছে, ‘এই ব্যক্তিজন অতি ভাগ্যৱান। ঈশ্বৰে তেওঁক দ্বিতীয়বাৰৰ বাবে জীৱন দিলে। মোৰ গাড়ীৰ ঠিক সন্মুখতে নাইনিতালৰ পাহাৰীয়া পথৰ পৰা তেওঁৰ গাড়ীখন বাগৰি পৰিল। আমি তেওঁক নিৰাপদে উলিয়াই আনিলোঁ।”

সেই ভিডিঅ’টোও দেখা গৈছে ছামীয়ে আন লোকৰ সৈতে উদ্ধাৰ কাৰ্যত যোগ দিছে।

লগতে পঢ়কঃ এতিয়া কি হ’ব? ভাঙি গ’ল ধ্বংসাৱশেষ আঁতৰোৱা মেচিন; বন্ধ উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকৰ উদ্ধাৰ কাৰ্য

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুৰ্ভাগ্যজনক পৰাজয়ৰ ফলত ভাৰতৰ বিশ্বকাপৰ অভিযান  হতাশাত পৰিণত হৈছে। অৱশ্যে গোটেই প্ৰতিযোগিতাখনত মহম্মদ ছামীয়ে বলিঙেৰে ত্ৰুটিহীন প্ৰদৰ্শন আগবঢ়াইছে। মাত্ৰ ৭ খন মেচতে ২৪ টা উইকেট দখল কৰে ছামীয়ে।

উল্লেখ্য যে বিশ্বকাপৰ আৰম্ভণিতে ভাৰতৰ প্ৰথম একাদশৰ পৰিকল্পনাত ছামী একেবাৰেই নাছিল। অষ্ট্ৰেলিয়া, আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ বিৰুদ্ধে ছামী অবিহনে দল গঠনকৰি হৈছিল। বাংলাদেশৰ খেলখনত হাৰ্দিক পাণ্ডিয়া আঘাতপ্ৰাপ্ত হোৱাৰ পিছত ভাৰতে কম্বিনেচন পুনৰ সলনি কৰিবলৈ বাধ্য হয়। আৰু সুযোগ পোৱাৰ লগে লগে উজলি উঠিল ছামী।

 

View this post on Instagram

 

A post shared by 𝕸𝖔𝖍𝖆𝖒𝖒𝖆𝖉 𝖘𝖍𝖆𝖒𝖎 (@mdshami.11)

তেওঁ বিশ্বকাপত নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিছিল। প্ৰথম বলত উইল ইয়ঙক আউট কৰে। উত্তৰ প্ৰদেশৰ এইগৰাকী ছুপাৰষ্টাৰে  খেলখনত ৫টা উইকেট দখল কৰে। নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেলত শ্বামীয়ে ইনিংছত মুঠ ৭টা উইকেট দখল কৰে। এদিনীয়া ইতিহাসত এজন ভাৰতীয়ৰ এয়া সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শন।

বিশ্বকাপত ছামীয়ে ৫৫টা উইকেট দখল কৰি জাভাগল শ্ৰীনাথ আৰু জাহিৰ খানক অতিক্ৰম কৰে। বিশ্বকাপত ভাৰতীয়ৰ ভিতৰত তেওঁ সৰ্বাধিক উইকেট দখল কৰা খেলুৱৈ। তেওঁ তিনিটাকৈ বিশ্বকাপ সংস্কৰণত খেলি ইটোৰ পিছত সিটো অভিলেখ ভংগ কৰিছে।

Related News