NORTHEAST NOW (Assamese)

পুনৰ বিতৰ্কত মহম্মদ ছামীৰ পত্নী! এইবাৰ মাৰপিটৰ ঘটনাত অভিযুক্ত হাছিন জাহান

July 19, 2025 7:30 am · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: July 18, 2025 9:08 pm

পুনৰ আইনী সমস্যাত ধৰা পৰিছে হাছিন জাহান। ডালিয়া খাতুন নামৰ এগৰাকী মহিলাই মহম্মদ ছামীৰ পত্নী হাছিন জাহানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

ডালিয়া খাতুনে হাছিন জাহানৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পূৰ্বে হাছিন জাহানে সংশ্লিষ্ট মহিলাগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

খবৰ অনুসৰি বীৰভুমৰ ছিউৰীত এটুকুৰা মাটিক লৈ হাছিন জাহান আৰু তেওঁৰ চুবুৰীয়া ডালিয়া খাতুনৰ মাজত বিবাদৰ সৃষ্টি হয়। যেতিয়া হাছিন জাহানে কন্যা আইৰাৰ নামত পঞ্জীয়নভুক্ত মাটিৰ টুকুৰা এটাত নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল, তেতিয়া ডালিয়া খাতুনে আপত্তি কৰিছিল।

মহিলাগৰাকীয়ে দাবী কৰে যে প্ৰশ্ন কৰা মাটিখিনি বিতৰ্কিত। সেয়ে হাছিন জাহানক নিৰ্মাণ কৰাত বাধা দিয়ে।

অভিযোগ অনুসৰি বিবাদৰ সময়ত হাছিন জাহানে মহিলাগৰাকীৰ গাত হাত উঠাইছিল। দুয়োৰে মাজত কাজিয়া আৰম্ভ হৈছিল। উল্লেখ্য যে ২০১৮ চনত মহম্মদ ছামী আৰু হাচিন জাহানৰ মাজত বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু হৈছিল। বিবাহৰ ৪ বছৰ পিছত ছামি আৰু হাছিন জাহানে বিবাহ বিচ্ছেদৰ দিশে আগবাঢ়ে। সেই সময়ত হাছিন জাহানে মহম্মদ ছামীৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগো উত্থাপন কৰিছিল।

Related News