NORTHEAST NOW (Assamese)

শোচনীয় পৰাজয়ৰ পিছত বিমানবন্দৰত চাৰি ঘণ্টা ৰৈ ৰৈ আমনি; এয়াৰ ইণ্ডিয়াক তীব্ৰ সমালোচনা ছিৰাজৰ

November 27, 2025 2:48 pm · এন ই নাও নিউজ, গুৱাহাটী

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শোচনীয় পৰাজয়। তাৰ ওপৰত বিমানবন্দৰত গৈ চাৰি ঘণ্টা অপেক্ষা কৰিবলগীয়া হ’ল। নিৰ্ধাৰিত সময়ৰ কেইঘণ্টামান পিছতো বিমানখন উৰা মৰা নাছিল। আনকি বিমান সংস্থাটোৱেও কোনো ধৰণৰ ব্যাখ্যা দিয়া নাছিল। অৱশেষত হতাশা আৰু ক্ষোভত ছ’চিয়েল মিডিয়াত বিস্ফোৰণ ঘটালে টিম ইণ্ডিয়াৰ তাৰকা পেচাৰ মহম্মদ ছিৰাজে। তেওঁ লগতে এয়াৰ ইণ্ডিয়াৰ বিমানত পুনৰ নুঠাবলৈও পৰামৰ্শ দিয়ে।

বুধবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ পিছত ছিৰাজে গুৱাহাটীৰ পৰা পোনে পোনে হায়দৰাবাদলৈ উৰা মাৰিছিল। টিম ইণ্ডিয়াৰ ষ্টাৰ পেচাৰগৰাকীয়ে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ IX ২৮৮৪ গুৱাহাটী-হায়দৰাবাদ বিমানত উৰা মাৰিব লাগিছিল। পুৱা ৭:২৫ বজাত যাত্ৰাৰ কথা আছিল বিমানখন।

কিন্তু অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হ’ল বিমানখনৰ যাত্ৰা। বাৰে বাৰে সোধা-পোছা কৰাৰ পিছতো বিমান সংস্থাটোৱে ইয়াৰ সঠিক কাৰণ প্ৰকাশ কৰা নাই। ছ’চিয়েল মিডিয়াত হতাশ হৈ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছক তীব্ৰ সমালোচনা কৰে ছিৰাজে।

টিম ইণ্ডিয়াৰ ষ্টাৰ পেচাৰগৰাকীয়ে লিখিছে, ‘এয়াৰ ইণ্ডিয়াৰ IX 2884 (গুৱাহাটী-হায়দৰাবাদ) বিমানখন পুৱা ৭:২৫ বজাত যাত্ৰা কৰাৰ কথা আছিল।কিন্তু বিমানখন কোনো কাৰণ নোহোৱাকৈ পিছুৱাই দিয়া হৈছিল। বাৰম্বাৰ সোধা-পোছা কৰাৰ পিছতো বিমান কৰ্তৃপক্ষই কোনো স্পষ্ট তথ্য দিয়া নাই।”

ছিৰাজৰ আক্ৰমণ, “৪ ঘন্টাতকৈও অধিক দেৰি। কিন্তু যাত্ৰীসকলক একো খবৰ দিয়া নহ’ল। এয়া যাত্ৰীক আটক কৰি ৰখাৰ সমান।”

টিম ইণ্ডিয়াৰ পেচাৰগৰাকী ইমানেই ক্ষুব্ধ যে তেওঁ পোনপটীয়াকৈ কয়, “বহুত বেয়া অভিজ্ঞতা। মই কাকো আকৌ এয়াৰ ইণ্ডিয়াৰ বিমানত উঠিবলৈ নকওঁ।”

অৱশ্যে এয়াৰ ইণ্ডিয়াইও ছিৰাজৰ পোষ্টৰ উত্তৰ দিয়ে। সমগ্ৰ ঘটনাৰ বাবে ক্ষমা খুজিছে। লগতে কয়, “অপ্ৰত্যাশিত কাৰিকৰী আৰু পদ্ধতিগত কাৰণত বিমানখন বাতিল কৰা হৈছে। আমি বুজি পাওঁ যে আপুনি কিমান বিৰক্ত হ’ব পাৰে। অৱশ্যে আমাৰ দলটোৱে বিমানবন্দৰত যাত্ৰীসকলক সকলো দিশতে সহায় কৰিছে।”

বিমানবন্দৰত এই হাৰাশাস্তিৰ পূৰ্বে ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে লজ্জাজনক ছিৰিজ পৰাজয়ৰ সন্মুখীন হৈছিল। টিম ইণ্ডিয়াৰ তাৰকা পেচাৰগৰাকীয়ে নিজেও  শৃংখলাটোত বিশেষ প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিলে। তাৰ লগতে হাৰাশাস্তিৰ হতাশা। মুঠতে ছ’চিয়েল মিডিয়াত তাৰেই বিস্ফোৰণ ছিৰাজৰ।

Related News