সময়ৰ লগে লগে সকলো পৰিৱৰ্তন হয়। ৰাজনৈতিক ক্ষেত্ৰখনত এই পৰিৱৰ্তন অতি নাটকীয়। পূৰ্বে শাসকীয় বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কাৰাগাৰলৈ যোৱা ছাত্ৰনেতা অনিল বণিয়াই আজি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিছে। অখিল গগৈৰ ঘনিষ্ঠ সহযোগী আছিল বণিয়া, যিয়ে এতিয়া তেওঁৰ নীতি-আদৰ্শক জলন্ত সমালোচনা কৰিছে। বিশ্বনাথ জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৩৫ জনীয়া দলৰ সৈতে বণিয়াই গুৱাহাটীস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত গেৰুৱা বসন পৰিধান কৰি দলত যোগদান কৰে।
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত অনুষ্ঠানটো সম্পন্ন হয়। এই যোগদানৰ পিছতে বিশ্বনাথত ছাত্ৰ মুক্তিৰ সাংগঠনিক ভেটি উচন হোৱাৰ সম্ভাৱনাই দেখা দিছে। অনিল বণিয়াই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আছিল আৰু বিগত প্ৰায় ১০ বছৰ ধৰি সংগঠনৰ সৈতে জড়িত আছিল। তেওঁৰ যোগদানে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পটভূমিত গুৰুত্ব লাভ কৰিছে, বিশেষকৈ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বিহালী সমষ্টিৰ ক্ষেত্ৰত।
যোগদানৰ সন্দৰ্ভত অনিল বণিয়াই স্পষ্ট কৰি কয়, “বৰ্তমানৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আদি সংগঠনসমূহৰ স্বতন্ত্ৰতা আৰু মৰ্যাদা হানি কৰি আহিছে। তেওঁৰ একনায়কত্ববাদ, দমন নীতি, ভুৱা জাতীয়তাবাদ আৰু মিঞাপ্ৰীতিত অতিষ্ঠ হৈ বিজেপিৰ জাতি-স্বাভিমান ৰক্ষাৰ যাত্ৰালৈ আকৃষ্ট হৈ দলত যোগদান কৰিছোঁ। অখিল গগৈৰ নীতি-আদৰ্শত চলিলে অসমীয়া জাতি নিপাত গৈ ইছলামিক ৰাজ্যত পৰিণত হ’ব লাগিব। অসম আৰু অসমীয়া জাতিৰ ভৱিষ্যৎ ৰক্ষাৰ এয়াই শেষ সময়। ‘ৰামসিংহক বধি জাতি ৰক্ষা’ৰ বাবে বিজেপিৰ বিকল্প নাই বুলি মত প্ৰকাশ কৰে।
উল্লেখ্য যে বিহালী সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত হোৱাৰ বাবে ৭১ নং সমষ্টিত শাসক বা বিৰোধী দলৰ কোনো শক্তিশালী স্থানীয় প্ৰাৰ্থী নাই। বাহিৰৰ প্ৰাৰ্থীসকলে ভিৰ কৰিছে, আৰু বিজেপিৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে বাহৰ পাতি নিৰ্বাচনী কুচকাৱাজ অব্যাহত ৰাখিছে। কংগ্ৰেছৰো অনুৰূপ অৱস্থা। এই পটভূমিত অনিল বণিয়াৰ যোগদান তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। অনুসূচিত জাতিৰ সদস্য হোৱা বাবে বণিয়াক বিজেপিয়ে নিৰ্বাচনত প্ৰাৰ্থিত্ব দিব পাৰে বুলি চৰ্চা চলিছে।
অনিল বণিয়াৰ অতীততো বিতৰ্ক জড়িত হৈ আছে। বিগত ২৪ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদীৰ হত্যাকাণ্ডৰ সন্দৰ্ভত ফেচবুকত বিতৰ্কিত মন্তব্য কৰাৰ অপৰাধত অসম আৰক্ষীয়ে তেওঁক ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১১৩(৩), ১৫২, ১৯৬, ১৯৭(১), ৩৫২, ৩৫৩ৰ অধীনত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰি বিহালী থানাত গ্ৰেপ্তাৰ কৰিছিল। শাসকীয় দলক তীব্ৰ সমালোচনা কৰাৰ ফলত তেওঁ প্ৰায় তিনিমাহ কাৰাগাৰত কাটাই আগষ্ট মাহত জামিন লাভ কৰি মুক্তি পায়। এই ঘটনাই তেওঁক ‘বিজেপি-বিৰোধী’ হিচাপে প্ৰতিষ্ঠিত কৰিছিল, কিন্তু বিজেপিত যোগদানৰ পিছত বিষয়বোৰে নতুন পাক লৈছে।
অখিল গগৈৰ নেতৃত্বত চলা ছাত্ৰ মুক্তিৰ প্ৰতি বণিয়াৰ এই স্থিতিৱে সংগঠনটোৰ ভিতৰচৰাকলৈ প্ৰশ্ন উত্থাপন হৈছে।





