NORTHEAST NOW (Assamese)

মোহন ভাগৱতে অসমলৈ আহি এন আৰ চিৰ নামত বিভাজনৰ ৰাজনীতি কৰিছে : তৰুণ গগৈ

September 30, 2019 10:14 pm · শান্তনু শইকীয়া
Updated: October 1, 2019 10:54 am
নিজা চৰকাৰী আৱাসত সংবাদমেল সম্বোধন প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ। ৩০ ছেপ্টেম্বৰত। ফটো : য়ু বি।

মোহন ভাগৱত অসমলৈ আহি এন আৰ চিৰ নামত বিভাজনৰ ৰাজনীতি কৰিছে বুলি অভিযোগ কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। অসমলৈ মোহন ভাগৱত কিয় আহিব লগা হ’ল বুলিও গগৈয়ে প্ৰশ্ন উৎথাপন কৰে।

গগৈয়ে আজি নিউ মিনিষ্টাৰ কলনিৰ নিজা আৱাসত এখন সংবাদমেল সম্বোধন কৰে।

এন আৰ চিখনক আমি ধৰ্মৰ ভিত্তিত ৰূপায়ণ কৰাটো বিচৰা নাই। মোহন ভাগৱত অসমলৈ আহি মুখ্য মন্ত্ৰীক হিন্দুসকলক ৰক্ষণাবেক্ষণ দিয়াৰ যি আহ্বান জনাইছে, সি যে আমাৰ মাজত বিদ্বেষ ভাব সৃষ্টি কৰিব সেয়া স্পষ্ট। জিন্না আৰু মোহন ভাগৱতৰ আদৰ্শ আমি গ্ৰহণ নকৰোঁ”, হিন্দু-অহিন্দু বিচাৰ কৰিলে শুদ্ধ এন আৰ চি নহ’ব বুলি বিশ্বাস কৰা গগৈৰ মন্তব্য।

“এন আৰ চিখন ’৭১ চন ভিত্তিবৰ্ষ হওঁতেই ইমান দিন লাগিলে ‘৫১ চন হ’লে আৰু কিমান দিন লাগিব তাৰ ঠিক নাই। এখন ৰিভিউ কমিটি গঠন কৰি এন আৰ চিৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয়ৰ নাম এন আৰ চিত সুমুৱাব লাগে”, গগৈয়ে কয়।

প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে বৰ্তমানৰ মুখ্য মন্ত্ৰীজন এন আৰ চিৰ ক্ষেত্ৰত ব্যৰ্থ বুলি দাবী কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে মোহন ভাগৱতক তেওঁৰ পথপ্ৰদৰ্শক বুলি কৰা মন্তব্যত গগৈয়ে প্ৰতিক্ৰিয়া দি কয়, “মুখ্য মন্ত্ৰীৰ পথপ্ৰদৰ্শক হ’ব লাগিছিল শংকৰদেৱ বা আজান ফকীৰ। কিন্তু তেওঁৰ পদপ্ৰদৰ্শক হ’লগৈ মোডী নে অমিত শ্বাহ নে মোহন ভাগৱত। মোহন ভাগৱত পদপ্ৰদৰ্শক হ’লে অসমখন ভাগি চূৰমাৰ হব”।

“গুণানুকীৰ্তন কৰাৰো এটা সীমা আছে, এওঁলোকৰ সীমা নাই”, গগৈৰ কটাক্ষ।

আনহাতে বিজেপি বিধায়ক শিলাদিত্যৰ বিৰুদ্ধেও সৰৱ হৈ গগৈয়ে কয়, “শিলাদিত্যই কৈছে মুছলমান বিষয়াবোৰৰ বাবে এন আৰ চিৰ পৰা হিন্দুৰ নাম বাদ পৰিছে। ইয়াৰ তথ্য-প্ৰমাণ নোহোৱাকৈ তেওঁ কিহৰ ভিত্তিত এনে মন্তব্য কৰিছে। এনে দৰে কোনো তথ্য প্ৰমাণ নোহোৱাকৈ কৰা মন্তব্যৰ বিৰুদ্ধে শীঘ্ৰে তেওঁৰ ওপৰত শাস্তিমূলক ব্যৱস্হা ল’ব লাগে”।

‘যদি তেওঁৰ কিবা তথ্য আছে কোনে কোনে নাম কাটিছে তাৰ তালিকা দিয়ক এনেয়ে ভিত্তিহীন মন্তব্য কৰাৰ উদ্দেশ্য কি’ গগৈয়ে কয়।

গগৈয়ে অসমৰ আইন-শৃংখলাক লৈয়ো সৰৱ হৈ কয়, “বিগত সময়ত অসমৰ আইন-শৃংখলাৰ অৱনতি হৈছে। এতিয়া ইয়াত ৰাউদী অসম হৈছে । চাৰিওফালে অৰাজকতা হৈছে। ইয়াত Advantage Assam হোৱা নাই Disadvantage Assam হে হৈছে। যদি Advantage Assam হৈছে সাংবাদিকসকলক লগত গৈ আমাক দেখুৱাই দিয়ক।”

নুমলীগড় ৰিফাইনেৰিক ব্যক্তিগতকৰণৰ বাতৰি ওলোৱাক লৈ গগৈয়ে কয়, “ব্যক্তিগতকৰণৰ কোনো কাৰণ নাই। এইবোৰ কৰি তেওঁ কি কৰিব বিচাৰিছে? এই ব্যক্তিগতকৰণৰ পৰাই চৰকাৰ যে দেউলীয়া হৈছে গম পোৱা গৈছে”।

”নেহেৰুৰ কাৰণেই কাশ্মীৰ আজি ভাৰতৰ অংশ হৈ আছে” বুলিও দাবী কৰে প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

“ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ বাবে জিন্না আৰু আৰ এছ এছ দায়ী, কংগ্ৰেছ নহয়” কাশ্মীৰ সম্পৰ্কত অমিত শ্বাহৰ মন্তব্যৰ প্ৰতিক্ৰিয়াত গগৈয়ে কয়।

Related News