NORTHEAST NOW (Assamese)

পাঁচদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে শংকৰ-আজানৰ দেশত উপস্থিত হিন্দুত্ববাদী নেতা মোহন ভাগৱত

February 22, 2025 12:36 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 22, 2025 12:37 pm

পাঁচদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে শুকুৰবাৰে অসমত উপস্থিত হয় আৰ এছ এছ প্ৰধান মোহন ‎ভাগৱত।

২০২৫ চনত আৰ এছ এছৰ শতবাৰ্ষিকী উদযাপনৰ উপলক্ষ্যে কৰা ভ্ৰমণৰ অংশ হিচাপে এই ‎অসমলৈ আহিছে হিন্দুত্ববাদী নেতাগৰাকী।

সূচী অনুসৰি শুকুৰবাৰে বিয়লি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ‎পোনপটীয়াকৈ গুৱাহাটীৰ বৰবাৰী স্থানীয় সুদৰ্শনালয়ত উপস্থিত হয় মোহন ভাগৱত।

এই ভ্ৰমণৰ সময়ত ভাগৱতে আৰ এছ এছৰ কৰ্মকৰ্তা/স্বেচ্ছাসেৱকসকলৰ সৈতে মত বিনিময় ‎কৰিব আৰু লগতে বিভিন্ন সমাৱেশত তেওঁ সামাজিক সম্প্ৰীতি, নাগৰিকৰ কৰ্তব্য, পৰিৱেশ ‎সুৰক্ষা, আৰু আদৰ্শ পৰিয়ালৰ মূল্যবোধ গুৰুত্বপূৰ্ণ বিষয়ত ভাষণ দিব।


২২ ফেব্ৰুৱাৰীত তেওঁ গুৱাহাটী আই আই টিত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ এখন সভাত ভাষণ দিব, ‎তাৰ পিছত ভাগৱতে শাওকুচিৰ চাউথ পইণ্ট হাইস্কুলত বৌদ্ধিক কাৰ্যসূচীত উপস্থিত হ’ব। য’ত ‎হাজাৰ হাজাৰ আৰ এছ এছৰ কৰ্মকৰ্তা উপস্থিত থাকিব।

এই কাৰ্যসূচীৰ উপৰিও সংঘৰ প্ৰচাৰক আৰু মহানগৰীৰ অন্যান্য গণ্যমান্য ব্যক্তিৰ সৈতেও দুই-‎এখন বৈঠকত অংশগ্ৰহণ কৰিব। ‎

অহা ২৬ ফেব্ৰুৱাৰীত তেওঁ অসম এৰি অৰুণাচল প্ৰদেশলৈ যাব। অৰুণাচল প্ৰদেশত ভ্ৰমণ শেষ ‎কৰি পুনৰ নিজ স্থানলৈ ঘূৰি যাব।
‎ ‎

Related News