বকতাৰ শিল্পী মোহন শইকীয়াই বাঁহ-বেতৰ বিভিন্ন সামগ্ৰীৰ লগতে প্ৰস্তুত কৰিছে সাঁচিপাতৰ আৰ্হিত বাঁহৰ কিতাপ

VideoCapture_20201103-000529

বাঁহ বেতৰ এজন অখ্যাত শিল্পী। সুন্দৰ সৃষ্টিৰাজিৰে নিজে সন্তুষ্ট থকাৰ লগতে আনকো প্ৰশিক্ষণ দি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাই যাৰ লক্ষ্য।

নাম মোহন শইকীয়া। ঘৰ শিৱসাগৰ জিলাৰ বকতা ন নাথ গাঁৱত। সুদীৰ্ঘ ২০ বছৰ ধৰি ব্ৰতী আছে এই শিল্পৰ লগত। মোহন শইকীয়াই নিজ গৃহতে গঢ়ি তুলিছে বাঁহ-বেতৰ এটি উদ্যোগ।

বাঁহৰ চোফা, চকী, টেবুল, বিচনাকে ধৰি বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি সেইসমুহ বিক্ৰী কৰি স্বাভলম্বী হৈ উঠিছে তেওঁ। ইয়াৰোপৰি মোহন শইকীয়াই সাজি উলিয়াইছে বাঁহৰ কিতাপ, বাঁহৰ চোলা, টুপি, ব্ৰিফকেচ, বেগ ইত্যাদি।

সৃষ্টিশীল মনৰ অধিকাৰী মোহন শইকীয়াই  সাঁচিপাতৰ আৰ্হিৰে প্ৰস্তুত কৰি উলিয়াইছে বাঁহৰ বহু কেইখন কিতাপ।

নিচেই কম বয়সতে পিতৃ মাতৃক হেৰুৱা মোহন শইকীয়াই মমায়েকৰ ঘৰত বহু কষ্টৰে ডাঙৰ দীঘল হৈছিল। অহিংসা আৰু গণতান্ত্ৰিক আন্দোলনত বিশ্বাসী মোহন শইকীয়াই সেই সময়ত অসমত হোৱা আন্দোলন বা বিপ্লৱৰ পৰা নিজকে আতঁৰাই ৰাখিবলৈ দৈনিক ১৮ ৰ পৰা ২০ ঘন্টা কৃষি কাৰ্য, মৌ পালন, বাঁহৰ সামগ্ৰী বনোৱাত নিয়োজিত কৰিছিল। এইদৰে বাঁহ বেতৰ শিল্পৰ লগত জড়িত হৈ পৰিছিল বুলি নৰ্থইষ্ট নাও সাংবাদিকৰ আগত কয় মোহন শইকীয়াই।

মোহন শইকীয়াৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বহু সামগ্ৰী ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰদৰ্শিত আৰু বিক্ৰী হৈছে। বাঁহ বেতেৰে নিৰ্মাণ কৰা বিভিন্ন সামগ্ৰী প্ৰদৰ্শন তথা বিক্ৰীৰ বাবে দিল্লীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অংশ লোৱাৰ লগতে বাংগালুৰু, ডেৰাডুন আদিত প্ৰদৰ্শন কৰি আহিছে।

মোহন শইকীয়াই জনোৱা মতে ভাৰতত বাঁহ বেতৰ সামগ্ৰী এখন সুন্দৰ বজাৰ আছে। তেওঁ কয়, “ভাৰতৰ বজাৰত এই সামগ্ৰীসমুহৰ চাহিদা থকাৰ বাবে অন্য সামগ্ৰীৰ দৰে বিক্ৰী নোহোৱাকৈ বহুদিন জমা হৈ থকা নাই।”

এই ক্ষেত্ৰত অসম চৰকাৰে তেওঁলোকক বিভিন্ন সময়ত সহায় কৰা বুলি জানিবলৈ দিয়ে। যন্ত্ৰপাতি প্ৰদান কৰাৰ লগতে চৰকাৰে বিভিন্ন সময়ত পুৰস্কাৰ বা উপহাৰৰ সামগ্ৰী হিচাপে তেওঁলোকে বনোৱা বিভিন্ন সামগ্ৰী ক্ৰয় কৰিছে বুলিও কয় শইকীয়াই।

মোহন শইকীয়াই বহু যুৱকক বাঁহ-বেতৰ এই শিল্পৰ প্ৰশিক্ষণ দি আৰ্থিকভাৱে স্বৱলম্বী কৰাই নহয় বিশ্ব দৰবাৰত অসমৰ এই শিল্পক পৰিচয় কৰাই দিছে।