১৯ খন জিলাত অসম চুক্তিৰ দ্বাৰা নাগৰিকত্ব লাভ কৰা এটা বিশেষ গোষ্ঠীৰ দপদপনি বৃদ্ধি পাইছে : মমিনুল আৱাল

‘১৯ খন জিলাত অসম চুক্তিৰৰ দ্বাৰা ভাৰতীয় নাগৰিকত্ব লাভ কৰা এটা বিশেষ গোষ্ঠীৰ দপদপনি বৃদ্ধি পাইছে।’ দেওবাৰে মহানগৰীৰ হোটেল নিবেদনত এক সংবাদমেলত এই মন্তব্য কৰে জনগোষ্ঠীয় সমন্বয় পৰিষদৰ আহ্বায়ক মমিনুল আৱালে।

সেই বিশেষ জাতিটো পূৰ্ব বঙ্গীয় মুছলমান বুলি সংবাদমেলত আৱালে কয়।

তাৰোপৰি অসম চুক্তিৰ দ্বাৰা ১৯৫১ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত অসমত অবৈধভাৱে প্ৰৱেশ কৰা ৫০ লাখ লোকক নাগৰিকত্ব প্ৰদান কৰা হ’ল বুলি আৱালে দাবী কৰে।

‘এই বিশেষ গোষ্ঠীৰ লোকক নাগৰিকত্ব দিয়াৰ ফলত অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকল সমস্যাৰ সন্মুখীন হ’ল’ সংবাদমেলত আৱালে এইদৰে কয়।

অসম চুক্তিত সন্নিবিষ্ট ৬ নং দফা অনুসৰি অসম চুক্তিৰ দ্বাৰা ক্ষতিগ্ৰস্ত জনগোষ্ঠী সমূহক হে সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান কৰিব লাগে বুলি চৰকাৰক দাবী জনায় আৱালে সংবাদমেলত কয়, ‘সাংবিধানিক ৰক্ষা কৱচৰ দ্বাৰা অসমৰ গৰীয়া মৰিয়া, দেশী চাহ জনগোষ্ঠী, জলহা, মদাহী, কোচ ৰাজবংশী, তিৱা , ৰাভা ইত্যাদি জনগোষ্ঠীৰ বাবে বিধানসভাত আসন সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে।’

আনহাতে কালি অৰ্থাৎ ৩ আগষ্টত ২১ টা জনগোষ্ঠীয় সংগঠনৰ যৌথ মঞ্চৰ জনগোষ্ঠীয় সমন্বয় পৰিষদ অসমে মুখ্যমন্ত্ৰীৰ সৈতে এই বিষয়ত এক আলোচনাত মিলিত হয়। লগতে সমস্যা সমাধান কৰিবৰ বাবে এক স্মাৰক পত্ৰ প্ৰদান কৰে।

লগতে যিসকলক ‘৫১ ৰ পৰা ‘৭১ লৈকে ইতিমধ্যে অবৈধভাৱে নাগৰিকত্ব দিয়া হ’ল সেই সকলক প্ৰদান নকৰিবৰ বাবেও পৰিষদে মুখ্য মন্ত্ৰীক আহ্বান জনায় বুলি আৱালে সংবাদমেলত উল্লেখ কৰে।