NORTHEAST NOW (Assamese)

আৰ্থিক দৈন্যতাকো নেওচি মেট্ৰিকৰ ফলাফলত উজলিল কৃষ্ণাইৰ মণিকংকনা

May 18, 2019 7:52 am · নীলমণি শৰ্মা
Updated: May 18, 2019 10:57 am
আৰ্থিক দৈন্যতাকো নেওচি মেট্ৰিকত সাফল্য লাভ কৰা মনিকংকনা। ফটো : নৰ্থইষ্ট নাও

সফলতাৰ ক্ষেত্ৰত আৰ্থিক দৈন্যতাই কেতিয়াও হেঙাৰ হব নোৱাৰে | মনৰ প্ৰৱল ইচ্ছা, একাগ্ৰতা থাকিলে সফলতা লাভ কৰাটো নিশ্চিত।ইয়াৰ যেন জলন্ত উদাহৰণ  কৃষ্ণাই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী মণিকংকনা সিন্‌হা।

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃষ্ণাই বজাৰৰ বাসিন্দা তথা কৃষ্ণাই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী মণিকংকনা সিন্‌হাই এইবাৰ পাঁচটা বিষয়তে লেটাৰ নম্বৰসহ ৮৪ শতাংশ লাভ কৰি  অঞ্চলটোলৈ সুনাম কৰিবলৈ সক্ষম হয়।

সৰুতে পিতৃক হেৰুওৱা মণিকংকনাক মাকে বৰ কষ্টৰে পঢ়া শুনা কৰাইছিল। এখন সৰু দোকানত কাম কৰি পোৱা সামান্য টকাৰে পঢ়াশুনাৰ লগতে চাৰি জনীয়া পৰিয়ালটো চলাই নিয়াৰ বাবে মাক বিদ্যা মিচিৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ আহিছে। তথাপি,দুখৰ মাজতো যেন হাৰ মানিব বিচৰা নাচিল মাক বিদ্যা মিচিৰ।

মাতৃ বিদ্যা মিছিৰে বিচৰা মতে কোনো সুবিধাই দিব পৰা নাছিল কনিষ্ঠা জীয়ৰী মণিকংকনাক। মণিকংকনাৰ নাছিল এখন পঢ়া বাবে এখন সুকীয়া টেবুল। মণিকংকনাই  বিচনাতে পঢ়াশুনা শুনা কৰিছিল।

এটা সাধাৰণ পঁজাত ঘৰৰ চাৰিটি প্ৰাণীয়ে কোনো মতে দিন অতিবাহিত কৰিছিল ৷ তাৰ মজতে মণিকংকনাই তাইৰ সাধনা কৰি গৈছিল ৷

সৰুৰে পৰা মণিকংকনাৰ চিকিৎসক হোৱাৰ সপোন আছিল ৷ বৰ্তমান বিজ্ঞান শাখাত উচ্চ শিক্ষা গ্ৰহণ কৰি এগৰাকী সফল চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছে মণিকংকনাই।

বৰ্তমান ঘৰৰ অৱস্থালৈ চাই পিতৃহীনা ছোৱালীজনীক আগলৈ কিদৰে পঢ়াশুনা কৰাব তাকেলৈ মাক বিদ্যা মিচিৰ এতিয়া চিন্তিত।

Related News