• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিস্ফোৰণত জড়িত নহয় প্ৰাণময়-জাহ্নৱী, আৰক্ষীয়ে “মে’কিং” কৰিছে

গুৱাহাটীৰ বুধবাৰৰ গ্ৰেনে’দ বিস্ফোৰণক লৈ মন্তব্য আলফা-স্বাধীন সেনাপ্ৰধান পৰেশ বৰুৱাৰ।

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2019 6:48 am
Guwahati grenade blast: ULFA-I C-in-c Paresh Barua contradicts police claim, says Pranmay-Jahnavi not involved

পৰেশ বৰুৱাৰ ফাইল ছবি।

1.4k
VIEWS
Share on FacebookShare on Twitter

পৰেশ বৰুৱাই দাবী কৰিছে আৰক্ষীৰ জিম্মাত থকা প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়া গুৱাহাটীৰ বুধবাৰৰ গ্ৰেনে’দ বিস্ফোৰণত জড়িত নহয়।

আলফা-স্বাধীন সেনাপ্ৰধানজনে লগতে কৈছে যে জাহ্নৱী শইকীয়াৰ ঘৰত বহু পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ হোৱা বুলি অসম আৰক্ষীয়ে কৰা দাবী “মে’কিং”।

আৰক্ষীয়ে “সফলতা জাহিৰ”ৰ বাবে এই দাবী কৰা বুলি মন্তব্য কৰি এটা টিভি চেনেলক শুকুৰবাৰে বৰুৱাই কয় বিস্ফোৰণটো বা আলফা-স্বাঃৰ সৈতে ধৃত দুয়োগৰাকীৰ ”প্ৰত্যক্ষ বা পৰোক্ষ” কোনো সম্পৰ্ক নাই।

কিন্তু একে সময়তে, ৰাজগুৰু-শইকীয়াৰ তেওঁলোকৰ সংগঠনৰ প্ৰতি “নৈতিক” সমৰ্থন থকাৰ কথা সদৰী কৰি বৰুৱাই কয় শইকীয়াৰ ঘৰত হয়তো সংগঠনৰ কেদাৰে আশ্ৰয় ল’ব পাৰে।

বিস্ফোৰণটোৰ ঠিক পিছতে দায়িত্ব স্বীকাৰ কৰা বৰুৱাই ঘটনাটোত অসামৰিক লোক আঘাতপ্ৰাপ্ত হোৱাৰ বাবে আলফা-স্বাঃ ক্ষমাপ্ৰাৰ্থী বুলি মন্তব্য কৰিছে। “আমাৰ লক্ষ্য আছিল চি আৰ পি এফ আৰু এচ এচ বি।”

ঘটনাটোত কেইবাজনো নিৰীহ সাধাৰণ মানুহে আঘাত পাইছে আৰু তেওঁলোকৰ জীৱিকা ক্ষতিগ্ৰস্ত হৈছে।

পৰেশ বৰুৱাৰ দাবীৰ বিপৰীতে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে দাবী কৰিছে বৃহস্পতিবাৰৰ অভিযানত শইকীয়াৰ ঘৰত প্ৰায় ২০ কে’জি বিস্ফোৰক, এটা ৯ এমএম পিস্তল আৰু আলফাৰ বহু নথি-পত্ৰ জব্দ হৈছে।

এই সন্দৰ্ভত আৰক্ষীৰ হাতত স্বীকাৰোক্তি আছে বুলিও কুমাৰে সংবাদ মাধ্যমক কৈছে।

কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশে শুকুৰবাৰে ধৃত দুয়োগৰাকীকে ১০ দিনৰ আৰক্ষী জিম্মাত দিছে। আৰক্ষীয়ে তেওঁলোকক ১৪ দিনৰ বাবে হেফাজতত বিচাৰিছিল।

আটকাধীন অৱস্থাত সাংবাদিকৰ সৈতে মুখামুখিত শইকীয়াই নীৰৱতা অৱলম্বন কৰিছে। বিপৰীতে, ৰাজগুৰুৱে বিস্ফোৰণটোত তেওঁ জড়িত নহয় বুলি দাবী কৰি একে সময়তে আলফাৰ “সংগ্ৰাম”ৰ প্ৰতি মুক্ত সমৰ্থন দোহাৰিছে।

লগতে পঢ়িব পাৰে– প্ৰাণময় ৰাজগুৰু আলোচনাৰত নে আলফা (স্বাধীন) পন্থী?

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd