NORTHEAST NOW (Assamese)

চাঞ্চল্যকৰ! খেলি থকা ১০ বছৰীয়া শিশুৰ পেটৰ নাড়ীভুঁৰি উলিয়াই আনিলে বান্দৰে

November 15, 2023 1:05 pm · এন ই নাও নিউজ, গুৱাহাটী

গুজৰাটত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এটি ১০ বছৰীয়া শিশুৱে নিজৰ বন্ধুৰ সৈতে খেলি থকাৰ সময়ত বান্দৰে আক্ৰমণ কৰি শিশুটিৰ পেটৰ নাড়ীভুঁৰি উলিয়াই নিয়ে।

গুজৰাটৰ গান্ধীনগৰ অঞ্চলৰ ডেহগাম তালুকৰ ছালকি গাঁৱত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। 

জানিব পৰা মতে শিশুটিৰ নাম দীপক ঠাকুৰ। শিশুটিয়ে নিজ বন্ধুসকলৰ লগত এটা মন্দিৰৰ সমুখত খেলি থকাৰ সময়তে বান্দৰে শিশুটিক আক্ৰমণৰ লক্ষ্য কৰি লয়। 

ঘটনাটো সংঘটিত হোৱাৰ লগে লগে পৰিয়ালৰ লোকে শিশুটিক চিকিৎসালয়লৈ লৈ যায়। কিন্তু তাতে চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে।

সূত্ৰ অনুসৰি, যোৱা এসপ্তাহত বান্দৰে তিনিবাৰকৈ এই গাঁওখন আক্ৰমণ কৰিছিল।

এই সম্পৰ্কত বন বিভাগৰ বিষয়া বিশাল চৌধুৰীয়ে কয়, “যোৱা এসপ্তাহত আমি ২টা বান্দৰ ধৰিছো। এই বান্দৰৰ দলটো অতি বিশাল। দলটোত চাৰিটা প্ৰাপ্তবয়স্ক বান্দৰ আছে।”

এই ঘটনাৰ পিছতে গাঁৱৰ ৰাইজে ভয় খাইছে। যিকোনো সময়তে পুনৰ এনে আক্ৰমণ হ’ব পাৰে বুলি আশংকা কৰিছে তেওঁলোকে। লগতে বন বিভাগ অধিক সক্ৰিয় হৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী জনাইছে।

Related News