সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপৰ দ্বিতীয়  দিনা মৰাণহাট, ডিব্ৰুগড় শীৰ্ষত

IMG-20181228-WA0000

যোৱা কালি ২৮ ডিচেম্বৰ শুকুৰবাৰে শিৱসাগৰত চলি থকা ২৭ সংখ্যক সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপৰ  দ্বিতীয়  দিনাৰ প্ৰতিযোগিতাত দলীয়ভাৱে মৰাণহাট আৰু ডিব্ৰুগড় শীৰ্ষত আছে।

২৬ ডিচেম্বৰ বৃহস্পতিবাৰৰ পৰা শিৱসাগৰ নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ২৭ সংখ্যক আন্তঃজিলা মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতা। অসমৰ ৩৩ খন ক্ৰীড়া জিলাৰ ১৮৩৬ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাত বিভিন্ন দূৰত্বৰ দৌৰ, খোজকঢ়া, শ্বটপুট, ডিছকাছ থ্ৰ, হামাৰ থ্ৰ,লংজাম্প, হাইজাম্প আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে।বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা  এই প্ৰতিযোগিতাত দ্বিতীয় দিনা মৰাণহাট আৰু ডিব্ৰুগড় জিলা দলীয় ভাৱে পদক তালিকাত আগবাঢ়ি আছে। যোৱা দুদিনত বিভিন্ন শাখাত অনুষ্ঠিত খেলৰ ফলাফল অনুযায়ী  বিজয়ী সকলৰ নাম এনে ধৰণৰ—

৫০০০ মিটাৰ মহিলা দৌৰত – ৩৫ বছৰ উৰ্ধৰ গ্ৰুপত লখিমপুৰৰ দীপ্তি নাথ বৰা,৪০ বছৰ উৰ্ধৰ গ্ৰুপত চৰাইদেউৰ মুনমী দিহিঙীয়া, ৫০ বছৰ উৰ্ধৰ গ্ৰুপত  মৰিগাঁওৰ মীনা বৰদলৈ, ৬০ বছৰ উৰ্ধৰ গ্ৰুপত ঢকুৱাখনাৰ পদুমী গোঁহাই, ৬৫ বছৰ উৰ্ধৰ গ্ৰুপত ঢকুৱাখনাৰ লাৱণ্য চমুৱা।

৫০০০ মিটাৰ পুৰুষ দৌৰ-

৩৫ বছৰ উৰ্ধৰ গ্ৰুপত যোৰহাটৰ ছন্দন বুঢ়াগোহাঁই, ৪০ বছৰ উৰ্ধৰ গ্ৰুপত মৰাণহাটৰ মানচিদ অৰিয়া, ৫০ বছৰ উৰ্ধৰ গ্ৰুপত দৰঙৰ ৰুদ্ৰেশ্বৰ ডেকা, ৫০ বছৰ উৰ্ধৰ গ্ৰুপত নাহৰকটীয়াৰ পূৰ্ণ ফুকন, ৫৫ বছৰ উৰ্ধৰ গ্ৰুপত দৰঙৰ পৰেশ চন্দ্ৰ নাথ।

৪০০ মিটাৰ পুৰুষ দৌৰ

৩৫ বছৰ উৰ্ধৰ গ্ৰুপ ডিব্ৰুগড়ৰ প্ৰসেনজিৎ চলিহা, ৪০ বছৰ উৰ্ধৰ গ্ৰুপত মৰাণহাটৰ অভিজিৎ নাথ, ৪৫ বছৰ উৰ্ধৰ গ্ৰুপত মৰাণহাটৰ নৰেন মাঝি, ৫০ বছৰ উৰ্ধৰ গ্ৰুপত ডিব্ৰুগড়ৰ গণেশ গগৈ, ৫৫ বছৰ উৰ্ধৰ গ্ৰুপত ডিব্ৰুগড়ৰ বিজয় ভূঞা।

১০০ মিটাৰ মহিলা দৌৰ

৫০ বছৰ উৰ্ধৰ গ্ৰুপত টিংখাঙৰ ইন্দিৰা লাহন গোঁহাই, ৫৫ বছৰ  উৰ্ধৰ গ্ৰুপত চিৰাঙৰ বিলাসী কুমচাং,৬০ বছৰ উৰ্ধৰ গ্ৰুপত মৰাণহাটৰ  গোলাপী শইকীয়া, ৬৫ বছৰ উৰ্ধৰ গ্ৰুপত বঙাইগাঁৱৰ মঞ্জুলা চৌধুৰী, ৭০ বছৰ উৰ্ধৰ গ্ৰুপত চিলাপথাৰৰ দূৰ্গাৱতী কোঁৱৰ, ৭৫ বছৰ উৰ্ধৰ গ্ৰুপত শিৱসাগৰৰ ৰূপদা বৰগোঁহাই, ৮৫ বছৰ উৰ্ধৰ গ্ৰুপত লখিমপুৰৰ ললিতী ফুকন।

১০০ মিটাৰ পুৰুষ দৌৰ

৫০ বছৰ উৰ্ধৰ গ্ৰুপত বঙাইগাঁৱৰ প্ৰহ্লাদ চন্দ্ৰ ৰয়, ৫৫ বছৰ উৰ্ধৰ গ্ৰুপত নাহৰকটীয়াৰ প্ৰহ্লাদ চন্দ্ৰ দত্ত, ৬০ বছৰ  উৰ্ধৰ গ্ৰুপত বৰপেটাৰ জগদা তালুকদাৰ, ৬৫ বছৰ উৰ্ধৰ গ্ৰুপত নাহৰকটীয়াৰ জোনাৰাম গগৈ।

মহিলাৰ লং জাম্প

৩৫ বছৰ উৰ্ধৰ গ্ৰুপত মৰিগাঁওৰ নিকুমণি দেৱী ,৪০ বছৰ উৰ্ধৰ গ্ৰুপত গোৱালপাৰাৰ মনোমতী ৰাভা, ৪৫ বছৰ  উৰ্ধৰ গ্ৰুপত ডিব্ৰুগড়ৰ ৰূপা সোণোৱাল, ৫০ বছৰ উৰ্ধৰ গ্ৰুপত শিৱসাগৰৰ ৰীতা দত্ত, ৫৫ বছৰ উৰ্ধৰ গ্ৰুপত চিৰাঙৰ বিলাসী কুমচিং।

৮০০ মিটাৰ পুৰুষৰ দৌৰ

৩৫ বছৰ উৰ্ধৰ গ্ৰুপত ডিব্ৰুগড়ৰ প্ৰসেনজিৎ চলিহা, ৪০ বছৰ উৰ্ধৰ গ্ৰুপত ডিব্ৰুগড়ৰ পাৰ্থপ্ৰতীম দত্ত, ৪৫ বছৰ উৰ্ধৰ গ্ৰুপত বঙাইগাঁৱৰ ক্ষীৰোদ কুমাৰ ৰয়, ৫০ বছৰ উৰ্ধৰ গ্ৰুপত ডিব্ৰুগড়ৰ গণেশ গগৈ, ৫৫ বছৰ উৰ্ধৰ গ্ৰুপত দৰঙৰ পৰেশ চন্দ্ৰ নাথ, ৬০ বছৰ উৰ্ধৰ গ্ৰুপত ডিব্ৰুগড়ৰ অশোক সিং, ৬৫ বছৰ উৰ্ধৰ গ্ৰুপত  চিলাপথাৰৰ সোণাধৰ গগৈ।

৮০০ মিটাৰ মহিলা দৌৰ

৩৫ বছৰ উৰ্ধৰ গ্ৰুপত মৰাণহাটৰ দীপ্তি চুতীয়া, ৪০ বছৰ উৰ্ধৰ গ্ৰুপত কামৰূপৰ দীপামণি ডেকা, ৪৫ বছৰ উৰ্ধৰ গ্ৰুপত বজালীৰ মণিকা খাটনীয়াৰ, ৫০ বছৰ উৰ্ধৰ গ্ৰুপত মৰিগাঁৱৰ মীনা বৰদলৈ, ৫৫ বছৰ উৰ্ধৰ গ্ৰুপত ঢকুৱাখনাৰ অনিমা চমুৱা, ৬০ বছৰ উৰ্ধৰ গ্ৰুপত ডিব্ৰুগড়ৰ চিত্ৰা গগৈ, ৬৫ বছৰ উৰ্ধৰ গ্ৰুপত যোৰহাটৰ হিমানী শইকীয়া।

সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছ সন্থাৰ উদ্যোগত, শিৱসাগৰ ক্ৰীড়া সন্থা আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হৈ থকা এই প্ৰতিযোগিতাখনৰ ৩০ ডিচেম্বৰত অন্ত পৰিব।