NORTHEAST NOW (Assamese)

শিৱসাগৰত একে স্থানতে ২৭ জন কোভিড ১৯ পজিটিভ : আতংকিত অঞ্চলবাসী

July 29, 2020 7:00 pm · পাৰ্শ্বজ্যোতি গগৈ
Updated: July 29, 2020 8:37 pm

শিৱসাগৰৰ থানামুখৰ পুৰণা চ’ক বজাৰ পথত আজি একেলগে ২৭ জনৰ দেহত কোভিড ১৯ পজিটিভ ধৰা পৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

জানিব পৰা মতে দেওবাৰে পুৰণা চ’ক বজাৰ পথৰ ভাৰাঘৰত থকা অঞ্জন চেতিয়া নানৰ এজন ব্যক্তিৰ দেহত কোভিড ১৯ পজিটিভ ধৰা পৰাত চৌহদটোৰ বহুকেইটা পৰিয়ালক হোম কোৱাৰেন্টাইন কৰি কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছিল জিলা প্ৰশাসনে।

উল্লেখ্য যে উক্ত চৌহদত একেটা পৰিয়ালৰ বহুকেইটা ঘৰ থকাৰ উপৰিও প্ৰায় ২০ টা মান ভাৰাঘৰ আছিল।

আজি স্বাস্থ্য বিভাগৰ দল এটা উক্ত চৌহদটত উপস্থিত হৈ তাত থকা ব্যক্তিসকলক ৰেপিড এন্টিজন টেষ্ট কৰাত একে লগে ২৭ জনৰ দেহত কোভিড ১৯ পজিটিভ ধৰা পৰে।

জানিব পৰা মতে অঞ্জন চেতিয়া নামৰ ব্যক্তিজন যোৱা সপ্তাহত নগাঁৱৰ পৰা শিৱসাগৰৰ পুৰণা চ’ক বজাৰ পথত ভাৰাতীয়া হিচাপে  থকা ভিনিয়েকৰ ঘৰলৈ আহিছিল আৰু শ্বাৱ টেষ্টত তেওঁৰ শৰীৰত কোভিড পজিটিভ ধৰা পৰে।

শিৱসাগৰ জিলা প্ৰশাসনে সমগ্ৰ অঞ্চলটো চেনিটাইজ কৰিছে।

Related News