ক’ভিদৰ সংক্ৰমণ বৃদ্ধি, দিল্লীত হালধীয়া সতৰ্কতা জাৰি

Delhi

ক’ভিদৰ ঘটনা বৃদ্ধিৰ মাজতে দিল্লীত হালধীয়া সতৰ্কতাৰ সৈতে নতুন নিষেধাজ্ঞা কাৰ্যকৰী হ’ব। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কিছু সময় পূৰ্বে এই কথা সদৰী কৰিছে। লগতে এই সন্দৰ্ভত শীঘ্ৰেই এক বিতং আদেশ প্ৰকাশ কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে।

“আমি দুদিনতকৈ বেছি ০.৫ শতাংশ সংক্ৰমণৰ হাৰৰ ওপৰত আছো। আমি গ্ৰেডেড ৰেচপন্স একচন প্লেনৰ লেভেল-1 (হালধীয়া সতৰ্কতা) প্ৰয়োগ কৰিছো। কাৰ্যকৰী কৰিব লগা নিষেধাজ্ঞাৰ ওপৰত এক বিতং নিৰ্দেশ শীঘ্ৰেই মুকলি কৰা হ’ব।”— শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠকৰ পিছত মুখ্যমন্ত্ৰীয়ে কয়।

ৰাজ্যত ক’ভিদৰ সৈতে মোকাবিলা কৰিবলৈ পূৰ্বৰ তুলনাত ১০ গুণ অধিক প্ৰস্তুত বুলি আশ্বাস দিয়ে কেজৰিৱালে। আনহাতে তেওঁ ৰাজধানী চহৰখনৰ বজাৰত হোৱা ভিৰ আৰু মাস্ক পৰিধান নকৰা লোকসকলক সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।

গ্ৰেডেড ৰেচপন্স একচন প্লেন (GRAP) স্তৰ ১ বা হালধীয়া সতৰ্কতা আৰম্ভ হয়, যেতিয়া ইতিবাচকতাৰ হাৰ একেৰাহে দুদিনৰ বাবে ০.৫ শতাংশ অতিক্ৰম কৰে।

GRAP ইতিবাচকতাৰ হাৰ, নতুন ক’ভিদ কেছ আৰু অক্সিজেন বিচনাৰ সংখ্যাৰ ওপৰত আধাৰিত। ইয়াৰ চাৰিটা স্তৰ আছে – হালধীয়া, এম্বাৰ, কমলা আৰু ৰঙা।