উৎসৱৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে অধিক হোলী বিশেষ ৰে’ল; কেইখনমান ৰে’লৰ অতিৰিক্ত ষ্টপেজ প্ৰদান

ফাকুৱাৰ বতৰত যাত্ৰীসকলৰ বৰ্ধিত ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে আৰু চাৰি যোৰ হোলী বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কাটিহাৰৰ পৰা চণ্ডীগড় আৰু উদয়পুৰ চিটিলৈ দুখন বিশেষ ৰে’ল, আগৰতলাৰ পৰা গোৰখপুৰলৈ এখন আৰু নিউ জলপাইগুড়ীৰ পৰা হাওড়ালৈ আন এখন বিশেষ ৰে’ল চলাচল কৰিব।

ৰে’ল নং. ০৪৫৩৮ (চণ্ডীগড়-কাটিহাৰ) ৰেলখনে ২৩ মাৰ্চ, ২০২৪ তাৰিখে সন্ধিয়া ০৭:১৫ বজাত চণ্ডীগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনা নিশা ১১:৪৫ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব। একেদৰে, ৰে’ল নং. ০৪৫৩৭ (কাটিহাৰ-চণ্ডীগড়) ৰেলখন ২৫ মাৰ্চ, ২০২৪ তাৰিখে কাটিহাৰৰ পৰা পুৱা ৪ বজাত যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী দিনৰ পুৱা ৯:৪০ বজাত চণ্ডীগড়ত গৈ উপস্থিত হ’ব।

ৰে’ল নং. ০৯৬২৩ (উদয়পুৰ চিটি-কাটিহাৰ) ৰেলখনে ২৬ মাৰ্চ, ২০২৪ তাৰিখে (মঙলবাৰে) ৰাতিপুৱা ৪:০৫ বজাত উদয়পুৰ চিটিৰ পৰা যাত্ৰা আৰম্ভ কৰি বৃহস্পতিবাৰে পুৱা ২:৪৫ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰেল নং. ০৯৬২৪ (কাটিহাৰ-উদয়পুৰ চিটি) ৰেলখনে ২৮ মাৰ্চ, ২০২৪ (বৃহস্পতিবাৰ) তাৰিখে কাটিহাৰৰ পৰা নিশা ৩ বজাত যাত্ৰা কৰি শনিবাৰে পুৱা ৪:১৫ বজাত উদয়পুৰ চিটিত গৈ উপস্থিত হ’ব।

ৰে’ল নং. ০৫৬৯৮ (আগৰতলা-গোৰখপুৰ) ৰেলখন ২৪ মাৰ্চ, ২০২৪ তাৰিখে আগৰতলাৰ পৰা পুৱা ৬:২০ বজাত যাত্ৰা কৰি পৰৱৰ্তী দিনা সন্ধিয়া ৫:৩০ বজাত গোৰখপুৰত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত, ৰেল নং. ০৫৬৯৭ (গোৰখপুৰ-আগৰতলা) ৰেলখন গোৰখপুৰৰ পৰা ২৫ মাৰ্চ, ২০২৪ তাৰিখে নিশা ১১:৫৫ বজাত যাত্ৰা কৰি পৰৱৰ্তী দিনা সন্ধিয়া ৬:৪০ বজাত আগৰতলাত গৈ উপস্থিত হ’ব। উভতনি যাত্ৰাৰ দিশত ৰেল নং. ০৫৬৯৭ (গোৰখপুৰ-আগৰতলা) ৰেলখন গোৰখপুৰৰ পৰা ২৫ মাৰ্চ, ২০২৪ তাৰিখে (সোমবাৰ) নিশা ১১.০০ বজাত যাত্ৰা আৰম্ভ কৰি বুধবাৰে নিশা ০৬.৪০ বজাত আগৰতলাৰ ইয়াৰ গন্তব্যস্থানত গৈ উপস্থিত হব।

ৰে’ল নং. ০২০৪২ (নিউ জলপাইগুড়ী-হাওড়া) ৰেলখন ২৪ মাৰ্চ, ২০২৪ তাৰিখে নতুন জলপাইগুড়ীৰ পৰা পুৱা ৫:৩০ বজাত যাত্ৰা আৰম্ভ কৰি একেদিনাই আবেলি ১:৪৫ বজাত হাওড়াত গৈ উপস্থিত হ’ব।

লগতে, ৰে’ল যাত্ৰীসকলক সুবিধা প্ৰদানৰ দিশত এক পদক্ষেপ হিচাপে, চৈনথিয়া ষ্টেচনত ৰে’ল নং ১২৩৪৫/১২৩৪৬ (হাওড়া– গুৱাহাটী– হাওড়া) শৰাইঘাট এক্সপ্ৰেছ ৰেলখনৰ দুই মিনিটৰ বাবে অতিৰিক্ত ষ্টপেজ প্ৰদান কৰা হৈছে। লগতে, বস্তি ষ্টেচনত ৰেল নং. ১৫৯০৩/১৫৯০৪ (ডিব্ৰুগড়- চণ্ডীগড়- ডিব্ৰুগড়) এক্সপ্ৰেছ ৰেলখনৰ তিনি মিনিটৰ বাবে অতিৰিক্ত ষ্টপেজ প্ৰদান কৰা হৈছে।

ৰে’ল নং. ১২৩৪৫ (হাওড়া-গুৱাহাটী) শৰাইঘাট এক্সপ্ৰেছ ৰেলখন সন্ধিয়া ৬:২৯ বজাত আহি চৈনথিয়াত উপস্থিত হ’ব আৰু সন্ধিয়া ৬:৩১ বজাত প্ৰস্থান কৰিব। ৰে’ল নং. ১২৩৪৬ (গুৱাহাটী-হাওড়া) শৰাইঘাট এক্সপ্ৰেছ ৰেলখন পুৱা ২:১২ বজাত চৈনথিয়াত উপস্থিত হ’ব আৰু পুৱা ২:১৪ বজাত প্ৰস্থান কৰিব। লগতে, ৰেল নং. ১৫৯০৩ (ডিব্ৰুগড়-চণ্ডীগড়) এক্সপ্ৰেছ ৰেলখন বস্তিত ৰাতি ৯:১৩ বজাত উপস্থিত হ’ব আৰু ৰাতি ৯:১৬ বজাত প্ৰস্থান কৰিব। ৰে’ল নং. ১৫৯০৪ (চণ্ডীগড়-ডিব্ৰুগড়) এক্সপ্ৰেছ বস্তিত আবেলি ৩:১৭ বজাত উপস্থিত হ’ব আৰু ৩:২০ বজাত প্ৰস্থান কৰিব।

এই ৰেলসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত উপলব্ধ থকাৰ লগতে আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ চচিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা কৰাৰ পূৰ্বে উক্ত বিস্তৃত তথ্য চাই ল’বলৈ অনুৰোধ কৰা হৈছে।