NORTHEAST NOW (Assamese)

ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা ১ লাখ অতিক্ৰম : ৰাজ্যত অক্সিজেন নাটনিৰ কথা স্বীকাৰ স্বাস্থ্যমন্ত্ৰীৰ

August 29, 2020 6:23 pm · কল্পজ্যোতি শইকীয়া
Updated: August 29, 2020 6:26 pm

ৰাজ্যত বৰ্তমানলৈকে কোভিড আক্ৰান্তৰ সংখ্যা ১,০১,৩৪৭ গৰাকী। ইয়াৰে আৰোগ্য লাভ কৰিছে ৮১,০৭০গৰাকী ৰোগীয়ে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি মৃত্যুৰ হাৰ পূৰ্বতকৈ বৃদ্ধি পাইছে। এই হাৰ পূৰ্বে ০.২৪ থকাৰ বিপৰীতে বৰ্তমান ০.২৮ শতাংশ হৈছেগৈ।

বৰ্তমান ৰাজ্যত ৪৯৩ জন ৰোগী কেৱল অক্সিজেনৰ ভৰসাত জীয়াই আছে বুলি মন্ত্ৰীগৰাকীয়ে জনায়।

ইপিনে, মাত্ৰ ৪৯৩ গৰাকী লোক অক্সিজেনৰ ভৰসাত জীয়াই থাকিবলগীয়া হোৱা বুলি উল্লেখ কৰাৰ পাছতে অক্সিজেনৰ নাটনি হৈ অহা বুলি স্বীকাৰ কৰে।

“আগন্তুক দিনত অক্সিজেনৰ অভাৱ ঘটিব পাৰে ৰাজ্যত। ৰাজ্যত বৰ্তমান অক্সিজেনৰ উৎপাদনৰ পৰিমাণ ৩৭.৮৬ মেট্ৰিকটন। দৈনিক চিকিৎসাৰ বাবে ব্যয় কৰা হয় ২৫ মেট্ৰিকটন।”

আৰু ১২ টন আছে যদিও এয়া পৰ্যাপ্ত নহয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি পশ্চিমবংগ আৰু ঝাৰখণ্ডৰ পৰা প্ৰয়োজন অনুসৰি অক্সিজেন ক্ৰয় কৰা হ’ব বুলি জনায়।

ইপিনে, এতিয়াৰ পৰা কোভিড ৰোগী সুস্থ হৈ ঘৰলৈ উভটিলে চৰকাৰী বাহনৰ সুবিধা নাপাব বুলি তেওঁ জনায়। অৱশ্যে, আন্তঃজিলা পৰ্যায়ত হ’লে স্বাস্থ্য বিভাগে থোৱাৰ ব্যৱস্থা কৰিব বুলি তেওঁ কয়।

ইপিনে, কোভিড ৰোগী যদি পেয়িং কেবিনত থাকিব বিচাৰে এতিয়াৰে পৰা ৫০০০ টকা ভৰাৰ লগতে অন্য চিকিৎসা খৰচ বহন কৰিব লাগিব বুলি মন্ত্ৰীয়ে কয়।

ইপিনে, খাদ্যৰ ক্ষেত্ৰতো ঘৰৰ পৰা ৰোগীসকলক খাদ্য যোগান ধৰিবলৈহে আহ্বান জনায় স্বাস্থ্য মন্ত্ৰীয়ে।

ইতিমধ্যে, কোভিড ৰোগীক খাদ্য যোগানৰ বাবদ শ-শ কোটি খৰচ হ’ল বুলি সংবাদমেলত হিমন্তই কয়।

অৱশ্যে, বি পি এল কাৰ্ডৰ কোভিড ৰোগীক স্বাস্থ্য বিভাগেই খাদ্য যোগান ধৰিব বুলি সদৰী কৰে।

Related News