NORTHEAST NOW (Assamese)

ভাৰতত ক’ৰ’না মুক্ত হোৱা লোকৰ সংখ্যা ২০ লাখ অতিক্ৰম; ২৪ ঘণ্টাত অভিলেখ সংখ্যক ৬০,০৯১ গৰাকী লোক সুস্থ

August 19, 2020 10:32 am · এন ই নাও নিউজ

মঙলবাৰৰ দিনটোত ভাৰতত ক’ৰ’না ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যাই ২০ লাখৰ সীমা অতিক্ৰম কৰে।

বিগত ২৪ ঘণ্টাত দেশত অভিলেখ সংখ্যক ৬০,০৯১ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত হোৱাৰ লগে লগে ভাৰতত ক’ৰ’না ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ২০,৩৭,৮৭০ গৰাকীলৈ বৃদ্ধি পায়।

মঙলবাৰৰ দিনটোত ক’ৰ’না ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা এই পৰ্যন্ত ভাৰতত এটা দিনত আৰোগ্য লাভ কৰা লোকৰ সৰ্বাধিক সংখ্যা।

আনহাতে, বিগত ২৪ ঘণ্টাত দেশত ৬৪,৫৩১ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।

ইয়াৰ ফলত দেশত বৰ্তমানলৈ ক’ৰ’না আক্ৰান্ত লোকৰ ২৭,৬৭,২৭৩ গৰাকীলৈ বৃদ্ধি হয়।

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত এতিয়ালৈ মুঠ ৫২,৮৮৯ গৰাকী লোকৰ মৃত্যু হৈছে।

দেশত বৰ্তমান ৬,৭৬,৫১৪ গৰাকী সক্ৰিয় ক’ৰ’না ৰোগী বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Related News