নগাঁও জিলাৰ চাৰি শতাধিক শিক্ষক-কৰ্মচাৰী ক’ভিড পজিটিভ

642 persons test Covid19 positive in Assam on Saturday

প্ৰতিনিধিত্বমূলক ছবি

চাৰি শতাধিক শিক্ষক-কৰ্মচাৰী নগাওঁ জিলাত ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে আৰু শিক্ষক সমাজক আতংকিত কৰি তুলিছে।

জিলাখনৰ একাংশ শিক্ষকে পৰীক্ষা কৰিব পাৰিলে যদিও আৰ টি পি ছি আৰ কীটৰ যোগানৰ অভাৱতে জিলা খনৰ অধিকাংশ শিক্ষকেই এতিয়ালৈকে পৰীক্ষা কৰিবলৈ সক্ষম হ’ব পৰা নাই।

২৪ আগষ্টৰ পৰা ২৭ আগষ্টলৈকে পৰীক্ষা কৰা ফলাফলৰ ৰিপৰ্টত ৭৫ জন, ৩০ জন, ২২ জন , পহিলা ছেপ্টেম্বৰ অহা তালিকাত ৯ জন, বুধবাৰে সৰ্বাধিক ২৫০ জন আৰু আজি অহা শেহতীয়া তালিকাত ২০ জনৰ শৰীৰত ক’ভিড১৯ৰ অৱস্থিতি ধৰা পৰা ঘটনাই নগাঁও জিলাত কৰ’না ভাইৰাছে যে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সেয়া প্ৰমাণ হৈ পৰিছে।

জিলা খনৰ কলিয়াবৰ, জখলাবন্ধা, বৰজুৰি, শালনা, চামগুৰি, লাওখোৱা, পুৰণিগুদাম, ৰূপহী, জুৰীয়া, ধিং, চাপৰমুখ,বঢ়মপুৰ, ৰহা, কামপুৰ, হয়বৰগাঁও, বেবেজীয়াকে ধৰি সমগ্ৰ স্থানৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীৰ দেহত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে।

ইপিনে শিক্ষক সমাজৰ বাহিৰেও সাধাৰণ জনতাৰ মাজত কৰ’না পৰীক্ষা কৰিলে সহস্ৰাধিক লোকৰ শৰীৰত কৰ’না পজিটিভ পোৱা যাব যে সেয়া খাটাং।

শেহতীয়া ভাবে স্বাস্থ্য বিভাগে আৰ টি পি ছি আৰ কীট পৰ্যাপ্ত পৰিমাণে যোগান ধৰিব নোৱাৰাৰ ফলত স্বাস্থ্য বিভাগে নিৰ্দিষ্ট কৰি দিয়া স্থানত আজিও জিলা খনৰ অধিকাংশ শিক্ষকেই কৰ’না পৰীক্ষা কৰিবলৈ সক্ষম হোৱা নাই।

শিক্ষা বিভাগে অহা ২১ ছেপ্টেম্বৰৰ ভিতৰত শিক্ষক কৰ্মচাৰী সকলে আৰ টি পি ছি আৰ পৰীক্ষা কৰি নিগেটিভ চাৰ্টিফিকেট লৈ শিক্ষানুষ্ঠানত যোগদান কৰিবলৈ যি নিৰ্দেশ জাৰি কৰিছে সেয়া কাৰ্যতঃ হ’বনে বুলি এতিয়া প্ৰশ্ন উঠিছে।

স্বাস্থ্য বিভাগে আৰ টি পি ছি আৰ কীট যোগান ধৰিব নোৱাৰাৰ বাবেই এতিয়া শিক্ষক কৰ্মচাৰী সকলে পৰীক্ষা কৰিব পৰা নাই।