পুটিনৰ কট্টৰ সমালোচক নাভালনিৰ মু্ক্তিৰ দাবীত উত্তপ্ত ৰাছিয়া : চাৰে চাৰি হাজাৰ প্ৰতিবাদকাৰীক আটক
অশান্ত হৈ আছে ৰাছিয়া। ৰাষ্ট্ৰপতি ভ্লাডিমি পুটিনৰ কট্টৰ সমালোচক তথা ক্ৰেমলিনৰ শত্ৰুৰূপে পৰিচিত আলেক্স নাভালনিৰ মুক্তিৰ দাবীত উত্তাল হৈ পৰিছে ৰাছিয়াৰ ৰাজধানী মস্কোসহ ছেন্ট পিৰ্টাছবাৰ্গ চহৰ।
আৰক্ষীয়ে দেওবাৰে চাৰে চাৰি হাজাৰতকৈও অধিক প্ৰতিবাদকাৰী আটক কৰিছে। ইফালে যোৱা শনিবাৰেও নাভালনিৰ মুক্তিৰ দাবীত উত্তপ্ত হৈ উঠিছিল ৰাছিয়া প্ৰধান চহৰসমূহ।
প্ৰচণ্ড ঠাণ্ডা, হীম স্খলন আৰু গ্ৰেপ্তাৰৰ শংকাও নেওচি ৰাজধানী চহৰ মস্কোৰ লগতে ছেন্ট পিটাৰ্ছবাৰ্গত হাজাৰ হাজাৰ লোকে আলেক্স নাভালনিৰ মুক্তিৰ দাবীত উলিওৱা সমদলত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে।
সমদলত জনসাধাৰণৰ বিপুল অংশগ্ৰহণ দেখি পুটিন প্ৰশাসনে দেশখনৰ মূল মূল চহৰসমূহত লকডাউন ঘোষণা কৰিবলৈ বাধ্য হৈছে। ইফালে ৰাজধানী চহৰৰ প্ৰধান ৯ টাকৈ মেট্ৰ’ ষ্টেশ্যন বন্ধ কৰি দিছে পুটিন প্ৰশাসনে।
প্ৰচণ্ড তুষাৰপাতৰ মাজতে মস্কোৰ পথত চলোৱা হৈছে আৰক্ষীৰ তীক্ষ্ম তালাচী আৰু ৰাজপথৰ প্ৰতিবাদকাৰীক দেখা মাত্ৰকে আটক কৰিছে আৰক্ষীয়ে।
আলেক্স নাভালনিক বন্দী কৰি ৰখা উত্তৰ মস্কোতো অব্যাহত আছে তীব্ৰ বিক্ষোভ। নাভালনিৰ মুক্তিৰ শ্লোগানেৰে বিক্ষোভকাৰীয়ে উত্তৰ মস্কো উত্তাল কৰি তুলিছে।
বিক্ষোভকাৰীৰ ওপৰত আৰক্ষীয়ে আক্ৰমণ কৰাৰ লগতে দেওবাৰে দিনটোত ৪,৫৬৭ গৰাকী বিক্ষোভকাৰীক আটক কৰিছে। নাভালনিৰ পত্নীকো ইউলিয়াকো আটক কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে ক্ৰেমলিনৰ শত্ৰুখ্যাত তথা পুটিনৰ কট্টৰ সমালোচক ৪৪ বছৰীয়া আলেক্স নাভালনিক যোৱা ১৭ জানুৱাৰীত জাৰ্মানিৰ পৰা উভতি অহাৰ পিছতে মস্কোত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।
নাভালনিৰ গ্ৰেপ্তাৰ কৰাৰ পিছতে মস্কোসহ ৰাছিয়াৰ বিভিন্ন প্ৰান্তত তেওঁৰ মুক্তিৰ দাবী আৰু পুটিন প্ৰশাসনৰ বিৰুদ্ধে আৰম্ভ হৈছে বিক্ষোভ।
বিগত বৰ্ষত নাভালনিক পুটিন প্ৰশাসনে বিষ পাণ কৰোৱাই হত্যা কৰাৰো ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল খোদ নাভালনিয়ে।
ইফালে পুটিন প্ৰশাসনৰ গ্ৰেপ্তাৰলৈ কোনো শংকিত নহৈ নাভালনিয়ে সুৰক্ষিত স্থান জাৰ্মানিৰ পৰা মস্কোলৈ উভতিছিল।
উল্লেখ্য যে চলিত বৰ্ষৰ নোবেল শান্তি বঁটাৰ বাবেও মনোনয়ন লাভ কৰিছে আলেক্স নাভালনিয়ে।