• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পুটিনৰ কট্টৰ সমালোচক নাভালনিৰ মু্ক্তিৰ দাবীত উত্তপ্ত ৰাছিয়া : চাৰে চাৰি হাজাৰ প্ৰতিবাদকাৰীক আটক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 1, 2021 2:51 pm

2 min read

Russia
157
VIEWS
Share on FacebookShare on Twitter

অশান্ত হৈ আছে ৰাছিয়া। ৰাষ্ট্ৰপতি ভ্লাডিমি পুটিনৰ কট্টৰ সমালোচক তথা ক্ৰেমলিনৰ শত্ৰুৰূপে পৰিচিত আলেক্স নাভালনিৰ মুক্তিৰ দাবীত উত্তাল হৈ পৰিছে ৰাছিয়াৰ ৰাজধানী মস্কোসহ ছেন্ট পিৰ্টাছবাৰ্গ চহৰ।

আৰক্ষীয়ে দেওবাৰে চাৰে চাৰি হাজাৰতকৈও অধিক প্ৰতিবাদকাৰী আটক কৰিছে। ইফালে যোৱা শনিবাৰেও নাভালনিৰ মুক্তিৰ দাবীত উত্তপ্ত হৈ উঠিছিল ৰাছিয়া প্ৰধান চহৰসমূহ।

প্ৰচণ্ড ঠাণ্ডা, হীম স্খলন আৰু গ্ৰেপ্তাৰৰ শংকাও নেওচি ৰাজধানী চহৰ মস্কোৰ লগতে ছেন্ট পিটাৰ্ছবাৰ্গত হাজাৰ হাজাৰ লোকে আলেক্স নাভালনিৰ মুক্তিৰ দাবীত উলিওৱা সমদলত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে।

সমদলত জনসাধাৰণৰ বিপুল অংশগ্ৰহণ দেখি পুটিন প্ৰশাসনে দেশখনৰ মূল মূল চহৰসমূহত লকডাউন ঘোষণা কৰিবলৈ বাধ্য হৈছে। ইফালে ৰাজধানী চহৰৰ প্ৰধান ৯ টাকৈ মেট্ৰ’ ষ্টেশ্যন বন্ধ কৰি দিছে পুটিন প্ৰশাসনে।

প্ৰচণ্ড তুষাৰপাতৰ মাজতে মস্কোৰ পথত চলোৱা হৈছে আৰক্ষীৰ তীক্ষ্ম তালাচী আৰু ৰাজপথৰ প্ৰতিবাদকাৰীক দেখা মাত্ৰকে আটক কৰিছে আৰক্ষীয়ে।

আলেক্স নাভালনিক বন্দী কৰি ৰখা উত্তৰ মস্কোতো অব্যাহত আছে তীব্ৰ বিক্ষোভ। নাভালনিৰ মুক্তিৰ শ্লোগানেৰে বিক্ষোভকাৰীয়ে উত্তৰ মস্কো উত্তাল কৰি তুলিছে।

বিক্ষোভকাৰীৰ ওপৰত আৰক্ষীয়ে আক্ৰমণ কৰাৰ লগতে দেওবাৰে দিনটোত ৪,৫৬৭ গৰাকী বিক্ষোভকাৰীক আটক কৰিছে। নাভালনিৰ পত্নীকো ইউলিয়াকো আটক কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে ক্ৰেমলিনৰ শত্ৰুখ্যাত তথা পুটিনৰ কট্টৰ সমালোচক ৪৪ বছৰীয়া আলেক্স নাভালনিক যোৱা ১৭ জানুৱাৰীত জাৰ্মানিৰ পৰা উভতি অহাৰ পিছতে মস্কোত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।

নাভালনিৰ গ্ৰেপ্তাৰ কৰাৰ পিছতে মস্কোসহ ৰাছিয়াৰ বিভিন্ন প্ৰান্তত তেওঁৰ মুক্তিৰ দাবী আৰু পুটিন প্ৰশাসনৰ বিৰুদ্ধে আৰম্ভ হৈছে বিক্ষোভ।

বিগত বৰ্ষত নাভালনিক পুটিন প্ৰশাসনে বিষ পাণ কৰোৱাই হত্যা কৰাৰো ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল খোদ নাভালনিয়ে।

ইফালে পুটিন প্ৰশাসনৰ গ্ৰেপ্তাৰলৈ কোনো শংকিত নহৈ নাভালনিয়ে সুৰক্ষিত স্থান জাৰ্মানিৰ পৰা মস্কোলৈ উভতিছিল।

উল্লেখ্য যে চলিত বৰ্ষৰ নোবেল শান্তি বঁটাৰ বাবেও মনোনয়ন লাভ কৰিছে আলেক্স নাভালনিয়ে।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd