• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অজাপৰ সমষ্টি কমিটি গঠন সভাত দুই প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সমৰ্থকৰ মাজত সংঘাত

NE NOW NEWS ইয়াছিন আলী
বঙাইগাঁও , February 1, 2021 2:16 pm

3 min read

AJP

ফটো: নর্থইষ্ট নাও।

171
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যপক তৎপৰ হোৱা পৰিলক্ষিত হৈছে বিভিন্ন ৰাজনৈতিক দল তথা নেতা কৰ্মী সকলোৰ মাজত। এইক্ষেত্ৰত পিছ পৰি থকা নাই নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদো।

দেওবাৰে বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত মাণিকপুৰত অসম জাতীয় পৰিষদ দলৰ অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ সমষ্টি কমিটি গঠনৰ বাবে এখন সভাৰ আয়োজন কৰা হয়।

সভাৰ সভাপতি হিচাপে আমিনুল ইছলামক দায়িত্ব দিয়াত মঞ্চতেই এক বিতৰ্কৰ সৃষ্টি হয়। পিছত সভা পৰিচালনাৰ বাবে সভানেত্ৰী হিচাপে দায়িত্ব দিয়া হয় তত্ত্বাৱধায়ক হিচাপে অহা অপৰাজিতা বৰাক।

সভানেত্ৰী অপৰাজিতা বৰাৰ নেতৃত্বত অনুষ্ঠিত সভাত উপস্থিত আছিল কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি তথা প্ৰাক্তন বিধায়ক মকবুল হুছেইনৰ লগতে ৰবিন দত্তকে ধৰি আন আন বিষয়ববীয়া সকল।

সভাত কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা ৰাইজৰ দলৰ পৰা অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী তথা প্ৰাক্তন বিধায়ক মকবুল হুছাইন উপস্থিত থাকি ভাষণত কয় যে এই দল কেৱল মিঞাৰ দল নহয়, কিন্তু আজিৰ সভাত কেৱল মিঞাই উপস্থিত থকা পৰিলক্ষিত হৈছে।

ইফালে আন এজনী প্ৰাৰ্থিত্ব প্ৰত্যাশী অজন্তা বৰুৱাও উপস্থিত থাকে সভাত। সভাত সমষ্টি কমিটি গঠনৰ বাবে সমষ্টি কমিটিৰ সভাপতি হিচাপে দুয়োজন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে নিজৰ নিজৰ পছন্দৰ প্ৰাৰ্থিৰ লগতে সমৰ্থনকাৰীক লগত লৈ আহে।

সমষ্টি কমিটিৰ সভাপতি হিচাপে একাংশই আমিনুল ইছলামক সমৰ্থন কৰে যদিও আন একাংশই মহম্মদ আলীক সমৰ্থন জনায়। ইয়াৰ লগে লগে  দুটা ফৈদৰ সংঘাত স্পষ্ট ভাৱ প্ৰকাশ পায় আৰু সভাত উত্তেজনাৰ সৃষ্টি হয়।

দুয়ো পক্ষৰ মাজত তুমুল তৰ্ক বিতৰ্ক আৰম্ভ হয়। শেষত তৰ্ক-বিতৰ্কৰ মাজেৰে আমিনুল ইছলামক সমষ্টি কমিটিৰ সভাপতি হিচাপে লৈ এখন তদৰ্থক সমষ্টি কমিটি গঠন কৰা হয়।

সভাত উত্তপ্ত পৰিস্থিতি সম্পৰ্কে বঙাইগাওঁ জিলা সমিতিৰ নেতা মসিউৰ ৰহমানক সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত কয় যে এয়া প্ৰাক্তন বিধায়ক মকবুল হুছাইনৰ বাবেই এনে অবাঞ্চিত ঘটনাৰ সৃষ্টি হৈছে।

ইফালে সাংবাদিকৰ আগত লগে লগে মকবুল হুছাইনে কয় যে সভাত কোনো ধৰণৰ অবাঞ্চিত ঘটনাৰ সৃষ্টি হোৱা নাই আৰু বৰ নিয়াৰিকৈ সভাখন সম্পন্ন হৈছে। কিন্তু প্ৰাক্তন বিধায়ক মকবুল হুছেইন আহ্বায়ক সমিতিৰ ওপৰত নাৰাজ হোৱা বুলি জানিব দিয়ে। লগতে মকবুল হুছাইন অহা ২০২১ বৰ্ষৰ বিধান সভা নিৰ্বাচনৰ অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী বুলি জানিব দিয়ে।

সভাত উত্তপ্ত পৰিস্থিতি তথা নেতা কৰ্মী সকলৰ মাজত অমিল থকাৰ বাবে অসম জাতীয় পৰিষদ দলৰ প্ৰতি থকা আগ্ৰহী একাংশ যুৱকে নেতা কৰ্মী সকলক তীব্ৰ বাক্যবান নিক্ষেপ কৰি কয় যে আমি এই দলৰ প্ৰতি আগ্ৰহী আছিলো যাৰ বাবেই সকলো এৰি আজিৰ এই সভাত উপস্থিত হৈছো। কিন্তু দুৰ্ভাগ্যজনক কথা যে আপোনালোকৰ আচৰণত আমি অসন্তুষ্ট।

নতুনকৈ গঠন হোৱা দলটোৰ একাংশ নেতাৰ বাবেই হয়তো ৰাইজে আঁকোৱালি ল’বলৈ সংকুচ অনুভৱ কৰিব বুলি বহুতে ধাৰণা কৰিছে।

Recent News

index

নিৰ্বাচনত বিজেপিক বৰ্জনৰ আহ্বান সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থাৰ

digital-media-ethics-1024x512

কেন্দ্ৰৰ ডিজিটেল মিডিয়া নীতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ এডিটৰ্ছ গীল্ড অফ ইণ্ডিয়াৰ

202103071802316968_International-Womens-Day-Women-To-Take-Centre-Stage-At_SECVPF

নাৰী দিৱসৰ দিনাই দিল্লীত কৃষক প্ৰতিবাদৰ নেতৃত্ব দিব কেইবাহাজাৰো মহিলাই

Siladitya-570x320-750x375-1

টিকট লাগে, পূৰ্বে কৰা ভুলৰ বাবে ৰাজ্যিক নেতৃত্বৰ ওচৰত ক্ষমা বিচাৰি শিলাদিত্যৰ সন্তাপ!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd