অসম আৰক্ষীৰ ৬৭ কৰ’না যোদ্ধাৰ প্লাজমা দান

More than 60 COVID19 warriors of Assam police donate plasma

ক’ভিডৰ পৰা সুস্থ হোৱা অসম আৰক্ষীৰ ৬৭গৰাকী কৰ’না যোদ্ধাই শনিবাৰে প্লাজমা দান কৰাৰ বাবে আগবাঢ়ি আহে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিশেষ প্লাজমা দান শিৱিৰটোত কৰ’না যোদ্ধাকেইগৰাকীক সম্বৰ্ধনা জনায়।

ক’ভিডৰ পৰা সুস্থ হৈ উঠা এগৰাকী ব্যক্তিৰ প্লাজমাৰে দুগৰাকী ক’ভিড ৰোগীৰ চিকিৎসা কৰিব পাৰি।

যোৱা ৩০ জুলাইলৈকে অসম আৰক্ষীৰ ১৪২৬গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে চাৰিগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে ১০৪৮গৰাকীয়ে আৰোগ্য ইতিমধ্যে আৰোগ্য লাভ কৰিছে।

অসমৰ স্বাস্থ্য বিভাগে প্লাজমা দানৰ বাবে বিশেষ প্ৰচাৰ আৰু সজাগতা অভিযান চলাই আহিছে।

দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য মতে অসমে ক’ভিড আৰোগ্যৰ হাৰেৰে দেশৰ চতুৰ্থ স্থানত আছে।

১৮৬২গৰাকী ব্যক্তি অসমত শুকুৰবাৰে ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা মুকলি হৈছে ১২৭৭গৰাকী।

টেষ্টৰ তুলনাত অসমত ক’ভিড পজিটিভৰ হাৰ হ্ৰাস পাইছে।

শুকুৰবাৰলৈকে ২৪ ঘণ্টাত ৩৮,৩২৪টা ক’ভিড টেষ্টত এইসকল ব্যক্তি পজিটিভ চিনাক্ত হৈছে।

পজিটিভৰ হাৰ ৪.৮৫%।

ইফালে অসমত মুঠ ক’ভিড আৰোগ্যৰ সংখ্যা ৩০,৩৫৭গৰাকীলৈ বৃদ্ধি পাইছে।

অসমত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৯৮১১গৰাকী।

আনহাতে শুকুৰবাৰৰ দিনটোত চাৰিগৰাকী ক’ভিড ৰোগীৰ মৃত্যুৰ ফলত মুঠ মৃতকৰ সংখ্যা ৯৮লৈ বৃদ্ধি পাইছে।

অসমত শুকুৰবাৰলৈকে ৪০,২৬৯গৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছে।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।