ম্যানমাৰত মৃত্যুৰ কিৰিলি! গোটেই নিশা জুৰি চলা অভিযানত নিহত ৬০জন

a-bb-750x375

ফাইল ফটো।

ম্যানমাৰত এতিয়া মৃত্যুৰ কিৰিলি।প্ৰতিদিনে নিৰাপত্তা বাহিনীৰ হাতত নিহত হৈছে গণতন্ত্ৰকামী বিক্ষুব্ধ নাগৰিক।

দেশখনত চৰকাৰ বিৰোধী প্ৰতিবাদকাৰীৰ বিৰুদ্ধে শুকুৰবাৰে গোটেই নিশা অভিযান চলোৱাৰ পাছত শনিবাৰে পুৱাও নিৰাপত্তা বাহিনীয়ে নিৰ্বিচাৰভাৱে গুলীচালনা কৰিছে।

বাতৰি অনুসৰি, এই ঘটনাত ৬০জন লোক নিহত হৈছে।

স্থানীয় লোকসকলে বা ভুক্তভোগী পৰিয়ালে আনকি নিহত সকলৰ মৃতদেহো সংগ্ৰহ কৰিব পৰা নাই। মৃতদেহসমূহৰ অধিকাংশই নিৰাপত্তা বাহিনীয়ে লৈ যোৱাৰ অভিযোগ উঠিছে।

প্ৰতিবাদকাৰীসকলক দমন কৰিবলৈ জুন্টা বাহিনীয়ে ৰাইফলৰ লগতে মেচিনগানেৰে গুলী চলাইছে আৰু গ্ৰেনেড তথা মৰ্টাৰো ব্যৱহাৰ কৰা বুলি কোৱা হৈছে। সেনাই মুঠতে অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰিছে।

সূত্ৰসমূহে জানিবলৈ দিয়া মতে বিভিন্ন অঞ্চলত লোকসকলে নিৰাপত্তা বাহিনীৰ লোকসকল আহিব বুলি জানিছিল আৰু সেয়ে গোটেই নিশা উজাগৰে আছিল।

দেশখনত এতিয়ালৈকে মৃতকৰ সংখ্যা ৬৬৯জনলৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে যোৱা  ১ ফেব্ৰুৱাৰিত সামৰিক অভ্যুত্থানৰ যোগেদি গণতান্ত্ৰিক চৰকাৰক ক্ষমতাচ্যুত কৰি জুণ্টা শাসন হস্তগত কৰাৰ দিনাৰ পৰাই সমগ্ৰ ম্যানমাৰ উত্তাল হৈ আছে।

ম্যানমাৰৰ জনতাই সামৰিক বাহিনীৰ ৰঙা চকুলৈ কেৰেপ নকৰি দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া দেশখনত পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ দাবীত যোৱা দুমাহে নিৰন্তৰ প্ৰতিবাদ অব্যাহত ৰাখিছে।

৬৫০ ৰো অধিক নিৰস্ত্ৰ প্ৰতিবাদকাৰী সেনাৰ গুলীত নিহত হোৱাৰ পিছতো দেশখনৰ জনতা থমকি ৰোৱা নাই।

থাইলেণ্ডৰ সীমান্ত অঞ্চলত কাৰেন বিদ্ৰোহী সংগঠনৰ ওপৰত ম্যানমাৰ সেনাই বায়ু সেনাৰ বিমানেৰে আক্ৰমণ সংঘটিত কৰাৰ পিছত প্ৰায় ৩০০০ হাজাৰ লোক থাইলেণ্ডলৈ পলায়ন কৰিছে।

ইপিনে সেনাৰ বিৰুদ্ধে এতিয়া প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণ কৰিছে দেশখনৰ বিদ্ৰোহী সংগঠনে। ফলত শলঠেকত পৰিছে জুণ্টা প্ৰশাসন।