NORTHEAST NOW (Assamese)

দেশত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই গঢ়িলে নতুন ৰেকৰ্ড

August 7, 2020 11:39 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

দেশত যোৱা কিছু দিনৰ পৰা সাংঘাটিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। ২৪ ঘণ্টাৰ অন্তৰালত স্বাস্থ্য মন্ত্ৰ্যালয়ে জাৰি কৰি থকা তথ্যই ভয়ংকৰ ভৱিষ্যতৰ ইংগিত প্ৰদান কৰিছে।

আজি স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব দিয়া মতে, ভাৰতত বিগত ২৪ ঘণ্টাত ৬২,৫৩৭ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৮৮৬ গৰাকী ৰোগী।

সংক্ৰমণৰ দিশৰ পৰা চাব গ’লে ভাৰতত এটা দিনত ক’ৰ’নাৰ এইটোৱেই সৰ্বাধিক সংখ্যা।

দেশত এতিয়া ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ২০,২৭,০৭৪ গৰাকী আৰু মৃত্যু হৈছে ৪১,৫৮৫ গৰাকী।

উল্লেখ্য যে দেশত এতিয়া ৬,০৭,৩৮৪ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ১৩,৭৮,১০৫ গৰাকী ৰোগী ক’ৰ’না মুক্ত হৈছে।

ক’ৰ’নাৰ সংহাৰ হ্ৰাস নাপালেও ভাৰতৰ বাবে এটাই সুখবৰ যে ক’ৰ’নাৰ চিকিৎসা চলি থকা ৰোগীৰ সংখ্যাতকৈ ক’ৰ’না মুক্তৰ সংখ্যা অধিক।

উল্লেখ্য যে আই চি এম আৰে প্ৰকাশ কৰা অনুসৰি ৬ আগষ্টলৈ দেশত মুঠ ২,২৭,২৪,১৩৪ গৰাকী লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে।

Related News