NORTHEAST NOW (Assamese)

নগাঁৱত আৰক্ষীৰ গুলীত নিহত মৰিকলং ডকাইতিৰ ঘটনাৰ অন্যতম অভিযুক্ত খাইৰুল আলী

May 26, 2026 9:33 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 26, 2026 9:35 am

সোমবাৰে (২৫ মে’) মাজ নিশা নগাঁও জিলাৰ অন্তৰ্গত ৰঙালুৰ বৰকন্দলিত আৰক্ষী আৰু অভিযুক্ত অপৰাধীৰ মাজত সংঘটিত হোৱা গুলীয়াগুলিৰ সময়ত মৰিকলং ডকাইতি ঘটনাৰ সৈতে জড়িত এজন অভিযুক্ত নিহত হয়।

নিহত অপৰাধীজনক উত্তৰ লখিমপুৰ নগৰৰ থানা ৰোডৰ বাসিন্দা খাইৰুল আলী ওৰফে মনি বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জনোৱা মতে, খাইৰুল আলী মৰিকলং ডকাইতিৰ ঘটনাৰ অন্যতম প্ৰধান অভিযুক্ত আছিল আৰু ঘটনাৰ পিছৰে পৰা তেওঁ পলাতক হৈ আছিল।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, সোমবাৰে নিশা নগাঁৱত উপস্থিত হোৱা খাইৰুলে পুনৰ ডকাইতিৰ পৰিকল্পনা কৰি আহিছিল বুলি জানিব পৰা গৈছে। দলটোৰ গতিবিধিৰ সন্দৰ্ভত লাভ কৰা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীৰ এটা দলে অভিযান আৰম্ভ কৰি ৰঙালুৰ বৰকন্দলি অঞ্চলত উপস্থিত হয়।

সন্দেহযুক্ত ডকাইতৰ দলটোৱে আৰক্ষীৰ দলটোৰ মুখামুখি হোৱাৰ লগে লগে আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰত্যুত্তৰত আৰক্ষীৰ  গুলীচালনাত খাইৰুল আলী গুলীত আঘাতপ্ৰাপ্ত হয়।

তেওঁক লগে লগে নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পাতললৈ লৈ যোৱা হয় আৰু বাটতে আঘাতপ্ৰাপ্ত অৱস্থাত মৃত্যু হয়।

অভিযানৰ সময়ত আৰক্ষীয়ে মৃত লোকজনৰ হাতৰ পৰা এটা ৭.৬৫ মিমি পিষ্টল আৰু দুটা খালী কাৰ্টিজ উদ্ধাৰ কৰে। এই ঘটনাৰ অধিক তদন্ত অব্যাহত আছে।

Related News