NORTHEAST NOW (Assamese)

মণিপুৰত অসম ৰাইফলছৰ জোৱানক সাক্ষাৎ কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী জি কে ৰেড্ডীৰ

October 23, 2019 8:55 am · এন ই নাও নিউজ
মণিপুৰত অসম ৰাইফলছৰ জোৱানসকলৰ সৈতে জি কে ৰেড্ডী

কেন্দ্ৰীয় চৰকাৰৰ গৃহ ৰাজ্যিক মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে মঙলবাৰে মণিপুৰৰ অসম ৰাইফলছ (দক্ষিণ)ৰ মহাপৰিদৰ্শকৰ মুখ্য কাৰ্য্যালয় ভ্ৰমণ কৰে।

অসম ৰাইফলছ (দক্ষিণ)ৰ মুখ্য কাৰ্য্যালয়ত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আই জি এ আৰ (দক্ষিণ) মেজৰ জেনেৰেল কে পি সিঙে সম্ভাষণ জনায়।

মুখ্য কাৰ্য্যালয় পৰিদৰ্শন কালত মেজৰ জেনেৰেল কে পি সিঙে ৰেড্ডীক সুৰক্ষা আৰু অভিযান সম্বন্ধীয় বিষয় সন্দৰ্ভত বৰ্ণনা আগবঢ়ায়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ শান্তি আৰু অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত অসম ৰাইফলছৰ জোৱান সকলৰ ত্যাগ আৰু প্ৰচেষ্টাৰ সলাগ লয় বুলি অসম ৰাইফলছ(দক্ষিণ)ৰ জনসম্পৰ্ক ৰক্ষী বিষয়াই জাৰি কৰা এক বিবৃতিত উল্লেখ কৰে।

ৰেড্ডীয়ে ভ্ৰমণকালত অসম ৰাইফলছৰ জোৱান সকলকো সাক্ষাৎ কৰে আৰু অঞ্চলটোত শান্তি আৰু বিকাশৰ ক্ষেত্ৰত আগবঢ়াই অহা অৱদানৰ কথা স্বীকাৰ কৰি সেনাবাহিনীৰ মনোবল বৃদ্ধি কৰে।

আনহাতে, সোমবাৰে ইম্ফলত উপস্থিত হোৱা কেন্দ্ৰ মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙকো সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে।

ৰেড্ডীয়ে ৰাজ্যখনৰ অন্যান্য নেতা সকলৰ সৈতেও বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়।

Related News