অসমত চলা ঐক্যবদ্ধ আন্দোলনৰ সুফল! : জেপিচিৰ বৈঠকত কমিটীৰ অধিকাংশ সদস্যৰে বিধেয়কৰ বিৰোধিতা, অকলশৰীয়া শাসকীয় দলৰ সাংসদ

কৃষক মুক্তি, আছুকে ধৰি সকলো দল-সংগঠন আৰু অসমৰ জনগণৰ আন্দোলনৰ সুফল!

A huge rally as a total of 70 indigenous organizations including the Krishak Mukti Sangram Samiti (KMSS) stage a protest rally entitled Sankalp Yatra in the state capital on 16-11-18 protest against Citizenship Amendment Bill 2016. The rally had kick-started on November 12 from various locations of Assam and was scheduled to be uniting in Guwahati on today.pix by UB PHOTOS

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ৭০টা সংগঠনৰ বৃ্হৎ প্ৰতিবাদী সমদল। ছবি- ইউ বি।

নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত ২০ নৱেম্বৰত দিল্লীত অনুষ্ঠিত যুটীয়া সংসদীয় সমিতিৰ বৈঠকত সমিতিৰ অধিকাংশ সদস্যৰ বিধেয়কখনৰ বিৰোধিতাক কৃষক মুক্তি, আছুৰ লগতে অসমৰ জনগণৰ ঐক্যবদ্ধ আন্দোলনৰ প্ৰাথমিক সুফল বুলিব পাৰি।

কমিটীখনত থকা কংগ্ৰেছ, তৃণমূল, বাওঁপন্থী দলৰ সদস্য, সমাজবাদী, বিজু জনতা দল, জনতা দল (য়ু)ৰ সদস্যসকলে বৈঠকত বিধেয়কখনৰ বিৰুদ্ধে স্থিতি লয়। এই দলবোৰৰ সাংসদসকলে বিধেয়কখনে অসমৰ জনগণৰ বাবে কি ধৰণৰ উদ্বেগ কঢ়িয়াই আনিছে আৰু তাৰ ফলত অসমত হৈ থকা আন্দোলন-প্ৰতিবাদ বোৰৰ কথা উল্লেখ কৰে। ফলত কেৱল শাসকীয় দলৰ সাংসদসকল থাকে বিধেয়কখনৰ পক্ষত।

বিৰোধিতা কৰা সাংসদসকলে বিধেয়কখনৰ কেইবাটাও কথাৰ সংশোধন কৰাৰ সপক্ষে মত দিয়ে। ইয়াৰে একাংশ সদস্যই বাংলাদেশক বিধেয়কখনৰ পৰা বাদ দিয়াৰ তেওঁলোকৰ পূৰ্বৰ প্ৰস্তাৱটো দোহাৰে।

আনহাতে অধ্যক্ষ ৰাজেন্দ্ৰ অগ্ৰৱালে কমিটীৰ সদস্যসকলক নিজৰ মত দিবৰ বাবে আহ্বান জনাইছিল যদিও বৈঠকত সেই বিষয়ে কমিটীৰ বহুকেইজন সদস্যই তেওঁলোক অৱগত নহয় বুলিহে কয়। ফলত বৈঠকখনত বিধেয়কৰ বিতং আলোচনা আৰু মত গ্ৰহণ সম্ভৱ নহ’ল। কমিটীৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালাই বিতং আলোচনাৰ বাবে অহা ২৭ নৱেম্বৰ দিনটো ধাৰ্য্য কৰিছে। সেই দিনা প্ৰতিজন সদস্যৰে মতামত গ্ৰহণ কৰা হ’ব। উক্ত বৈঠকখনত বিভিন্ন দল-সংগঠনৰ মতবোৰৰ লগতে কমিটীৰ সদস্যসকলে নিজা নিজাকৈ দিয়া প্ৰস্তাৱসমূহৰো আলোচনা হ’ব।

ইয়াৰ পিছতে অহা ৬ ডিচেম্বৰত কমিটীয়ে পুনৰ বৈঠক অনুষ্ঠিত কৰি ইয়াৰ প্ৰতিবেদনত কি কি কথা সন্নিৱিষ্ট কৰা হ’ব সিদ্ধান্ত লোৱা হ’ব।

উল্লেখযোগ্য যে অহা ১১ ডিচেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ হ’ব।  কমিটীৰ অধ্যক্ষই প্ৰকাশ কৰিছে যে কমিটীয়ে এই শীতকালীন অধিৱেশনতে ইয়াৰ প্ৰতিবেদন দাখিল কৰাটো এক প্ৰকাৰৰ খাটাং।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে কৃষক মুক্তিৰ অখিল গগৈৰ নেতৃত্বত বিধেয়কখনৰ বিৰোধিতাত আৰু ইয়াক বাতিলৰ দাবীত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ব্যাপক আন্দোলন গঢ়ি উঠে, যিটো এতিয়াও অব্যাহত আছে। ৰাজ্যৰ প্ৰায় প্ৰতিটো জাতীয়-জনগোষ্ঠীয় সংগঠন এই বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ ওলাই আহিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমেও এই সবল আৰু ব্যাপক আন্দোলনক যথেষ্ট গুৰুত্বসহকাৰে প্ৰচাৰ কৰাত গোটেই বিষয়টো দেশৰ মনোযোগৰ কেন্দ্ৰ হৈ পৰিছে।