মণিপুৰত হোৱা ভূমিস্খলনত মাতৃ আৰু দুবছৰীয়া কেঁচুৱা জীৱিত অৱস্থাতে সমাধিস্থ

মঙলবাৰে পুৱতি নিশা উত্তৰ-পশ্চিম দিশৰ অসম আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী মণিপুৰৰ তামেংলং জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনত এগৰাকী গৃহিণী আৰু তেওঁৰ দুবছৰীয়া কেঁচুৱাটো জীৱিত অৱস্থাত সমাধিস্থ হয়।

মৃত মহিলাগৰাকীৰ স্বামী, মণিপুৰ আৰক্ষী বিভাগৰ কনিষ্টবল আৰু তেওঁৰ কিশোৰ পুত্ৰ প্ৰকৃতিৰ ক্ৰোধত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

মৃতকৰ পৰিয়ালটো তামেংলং জিলাৰ টাবাংলং গাঁৱৰ আৰু বৰ্তমান তেওঁলোক তামেংলং জিলা সদৰৰ ৩ নং ডিংথাংলং ৱাৰ্ডত অৱস্থিত এটা ভাড়াঘৰত বাস কৰি আছে।

মঙলবাৰে পুৱা প্ৰায় ১২;৫০ বজাত সংঘটিত হোৱা ভূমিস্খলনত মৃত্যু হোৱা মাতৃ ডুয়ানজাংলিন কামেই (২৯) আৰু তেওঁৰ সন্তান জাছজিংগাই (২)ৰ প্ৰাণহানি হয়।

স্বামী ৰিংছিলুং কামেই (৩০) আৰক্ষী কনিষ্টবল আৰু পুত্ৰও এই প্ৰাকৃতিক দুৰ্যোগত গুৰুতৰভাৱে আহত হয় আৰু দুয়োকে তামেংলং জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইয়াৰ কাষৰীয়া নোনেই জিলা টামেংলংতো মঙলবাৰে জিৰিবাম জিলাৰ মুখ্য কাৰ্যালয়ৰ মাজেৰে ইম্ফলৰ পৰা শিলচৰলৈ সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ৰ নুংবা আৰু ৰেংপাং গাঁৱৰ মাজত ভূমিস্খলনৰ খবৰ পোৱা গৈছে।

মণিপুৰৰ ননেই জিলাৰ অন্তৰ্গত ছিনাম, খোংগী পাৰ্ট টু, আৰু লুখাম্বী গাঁৱত আবদ্ধ হৈ আছে ইম্ফলৰ পৰা শিলচৰলৈ আৰু বিপৰীতে যোৱা শ শ সামগ্ৰী ভৰ্তি বাহন।

এই অঞ্চলসমূহত হোৱা ভূমিস্খলনৰ ফলত বৃহস্পতিবাৰে পুৱাৰে পৰা যান-বাহনৰ পৰিবহণ ব্যৱস্থা বন্ধ হৈ পৰিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।

ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে বৰ্তমান ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুত সময়ৰে পথ মেৰামতিৰ কাম হাতত লৈছে।

দেওবাৰৰ পৰা আৰম্ভ হোৱা অবিৰত বৰষুণে বিভিন্ন স্থানত বিধ্বংসী ৰূপ ধাৰণ কৰিছে।