NORTHEAST NOW (Assamese)

বন্ধ্যাত্বকৰণ কৰাৰ বাবে ১১টা সন্তানৰ মাতৃক ঘৰৰ পৰা উলিয়াই দিলে স্বামীয়ে!

February 19, 2023 8:41 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 19, 2023 8:42 am
প্রতিনিধিত্বমূলক ফটো।

মহিলাগৰাকীয়ে ১১ টা সন্তানৰ জন্ম দিছিল। তাৰ পিছত তেওঁ বন্ধ্যাত্বকৰণ কৰে। এই ‘অপৰাধ’ত স্বামীয়ে তেওঁৰ পত্নীক ঘৰৰ পৰা উলিয়াই দিলে। ১১ টা শিশুৰ মাতৃগৰাকী এতিয়া ঘৰৰ সন্মুখৰ এডাল আম গছৰ তলত বসবাস কৰিছে। তেওঁৰ কোলাত এটি নৱজাতকো আছে।

এয়া উৰিষ্যাৰ কেওনঝাৰৰ ঘটনা। ছোৱালীজনীৰ নাম জানকী দেহুৰী। তেওঁ কেওনঝাৰৰ ডিমিৰি গাঁৱৰ বাসিন্দা। জানকী আৰু তেওঁৰ স্বামী ৰবিৰ পাঁচজন পুত্ৰ আৰু পাঁচজনী কন্যা আছে। তেওঁলোকৰ এজন সন্তানৰ মৃত্যু হৈছিল।

জানকীয়ে কেইদিনমান আগতে এটা কেঁচুৱা জন্ম দিছিল। চিকিৎসক আৰু আশা কৰ্মীৰ পৰামৰ্শ অনুসৰি ১৪ ফেব্ৰুৱাৰীত জানকীয়ে চিকিৎসালয়ত বন্ধ্যাকৰণ কৰাইছিল।

এই কথাতে ক্ষুব্ধ হৈ পৰে জানকীৰ স্বামী ৰবি। তেওঁ অভিযোগ কৰে যে জানকীয়ে “বিশুদ্ধতা” হেৰুৱাইছে। তেওঁ আৰু ঈশ্বৰৰ উপাসনা কৰিব নোৱাৰে।

জানকী দেহুৰীয়ে কয়, “১১ টা শিশুৰ ভিতৰত আমাৰ ১০ টা শিশু জীয়াই আছে। মোৰ স্বামীয়ে মোক পৰিয়াল পৰিকল্পনাৰ অস্ত্ৰোপচাৰৰ বাবে ঘৰৰ পৰা উলিয়াই দিছে। মই মোৰ ঘৰৰ সন্মুখত গছৰ তলত আশ্ৰয় লৈছো।”

এগৰাকী সমাজকৰ্মী প্ৰীতিচান্দ ধালে কয়, “এয়া অমানৱীয়। ইয়াক কোনোমতে গ্ৰহণ কৰিব নোৱাৰি। মহিলাসকলক সঠিক চিকিৎসা সেৱা প্ৰদান কৰা প্ৰয়োজন। চৰকাৰ আৰু স্থানীয় প্ৰশাসনে আগবাঢ়ি আহিব লাগিব আৰু নাগৰিকসকলক এই বিষয়ে সজাগ কৰিব লাগিব। আন সমাজকৰ্মীসকলেও আগবাঢ়ি আহিব লাগে।”

স্বাভাৱিকতে, মানুহৰ অন্ধবিশ্বাস আৰু শিক্ষাৰ অভাৱে কেনেদৰে একাংশ লোকৰ জীৱন দুৰ্বিসহ কৰি তুলিব পাৰে এয়া তাৰেই এক উদাহৰণ।   

Related News