NORTHEAST NOW (Assamese)

ভোগালীৰ আনন্দৰ মাজতে লখিমপুৰৰ গোগামুখত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত মাক-পুতেক

January 16, 2019 7:02 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যখনত চাৰিওফালে চলি থকা ভোগালী বিহুৰ আনন্দৰ মাজতে আজি লখিমপুৰৰ গোগামুখত আনন্দ বাগিচাৰ সন্মুখত সংঘটিত এক পথ দুৰ্ঘটনাত মাক-পুতেকে কৰুণ মৃত্যুক আঁকোৱালি ল’ব লগীয়া হয়। দুৰ্ঘটনাত নিহত মহিলাগৰাকীক মামনি বৰুৱা আৰু মহিলা গৰাকীৰ পুতেকক কাকুল কৃষ্ণ বৰুৱা বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযগ্য যে দুৰ্ঘটনাত নিহত মামনি তেওঁৰ পুত্ৰ কাকুল আৰু স্বামী গোপাল বৰুৱা একেখন মটৰচাইকেলেৰে আহি থকা অৱস্থাতে এ এছ টি চিৰ অধীনত চলা এখন তীব্ৰবেগী যাত্ৰীবাহী বাছে আনন্দ বাগানৰ সন্মুখত মহতিয়াই নিয়ে। ফলত থিতাতে নিহত হয় মহিলাগৰাকীৰ লগতে তেওঁৰ পুতেক কাকুলো। ইফালে দুৰ্ঘটনাটোত মহিলাগৰাকীৰ স্বামী গোপাল বৰুৱা গুৰুতৰভাৱে আহত হয়।

আনহাতে এই দুৰ্ঘটনাক লৈ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে ভোগালী বিহুৰ আনন্দৰ মাজতে এনেদৰে দুৰ্ঘটনাক পতিত হৈ মাক-পুতেক দুয়োৱে মৃত্যুক সাবটি লোৱাত অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।

Related News