• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আচৰিত নহ’ব!! অগপৰ তিনিজন মন্ত্ৰীৰ পদত্যাগ এতিয়াও বাকী

ৰাজভৱনলৈ নপঠাই ঘূৰাই ল’ব পৰা অৱস্থাত ৰখা হৈছে নেকি অগপৰ তিনি মন্ত্ৰীৰ পদত্যাগ পত্ৰ?

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 16, 2019 5:42 pm
AGP resignation their ministries (3)

ফাইল ফটো : যু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰে আঢ়ৈ বছৰীয়া মিত্ৰতা ভংগ কৰা অগপৰ তিনিজন মন্ত্ৰীৰ পদত্যাগৰ কাম এতিয়াও বাকী আছে। কাৰণ এতিয়াও গৃহীত হোৱা নাই তিনি মন্ত্ৰীৰ পদত্যাগ পত্ৰ।

বুধবাৰে এই কথা সদৰী কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। সাংবাদিকৰ আগত গগৈয়ে দাৱী কৰা অনুসৰি এতিয়াও তিনিওজন মন্ত্ৰীৰ পদত্যাগৰ বিষয়ে মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ে ৰাজভৱনক আনুষ্ঠানিকভাৱে অৱগত কৰা নাই। গতিকে অগপৰ অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ মন্ত্ৰী পদ প্ৰকৃততে এতিয়াও আছে।

Apply Now

“মই শুনিব পাইছো অগপৰ তিনি মন্ত্ৰীৰ পদত্যাগ এতিয়ালৈ ৰাজ্যপালে গৃহীত কৰা নাই। মুখ্য মন্ত্ৰীয়ে তেওঁলোকৰ পদত্যাগৰ বিষয়টো এতিয়ালৈ ৰাজ্যপাললৈ পঠোৱাই নাই। মুখ্য মন্ত্ৰীয়ে পঠালে ৰাজ্যপালে গৃহীত কৰাবলৈ বাধ্য। কিন্তু কি ৰহস্যত মুখ্য মন্ত্ৰীয়ে এতিয়াও ৰাজ্যপাললৈ বিষয়টো প্ৰেৰণ কৰা নাই?” প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয়।

উল্লেখ্য যে, যোৱা ১০ জানুৱাৰিতে অগপৰ মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে দিচপুৰত মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হৈ পদত্যাগপত্ৰ দাখিল কৰিছিল। কিন্তু আজি ৬ দিন অতিক্ৰম কৰাৰ পাছতো পদত্যাগ গৃহীত নোহোৱা বিষয়টো নিশ্চয়কৈ চিন্তনীয়। লগতে পদত্যাগ পত্ৰ ৰজভৱনলৈ প্ৰেৰণ নকৰাটোৱে কি সূচায়? বিজেপিয়ে কৌশলেৰে অগপক নিজৰ লগত ধৰি ৰাখিব বিচাৰিছে নেকি? নে অগপই মিত্ৰতাৰ বিষয়টো পুনৰ বিবেচনা কৰাৰ সম্ভাৱনাত এইদৰে কৌশলেৰে ৰাখি থৈছে প্ৰক্ৰিয়াটো।

এই সন্দৰ্ভত আমি ৰাজ্যপালৰ সচিব সঞ্জীৱ কুমাৰ গোহাঁই বৰুৱাৰ সৈতে যোগাযোগ কৰাত তেওঁ কয়, “আমি এইবিষয়ে অৱগত হোৱা নাই। আপুনি মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰক”।

আনহাতে মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ৰ দুজনকৈ সচিবৰ লগত যোগাযোগ কৰা হয় যদিও তেওঁলোকে এই বিষয়ত অজ্ঞতা প্ৰকাশ কৰে।

প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে যিহেতু তিনিজন মন্ত্ৰীৰ পদত্যাগ পত্ৰ এতিয়ালৈ গৃহীত হোৱা নাই, তেনে ক্ষেত্ৰত তেওঁলোকে মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ত কিয় হেঁচা প্ৰয়োগ কৰা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে।

ইপিনে, পদত্যাগ কৰা মন্ত্ৰী তিনিজনৰ সৈতে ফোনযোগে যোগাযোগ কৰাৰ চেষ্টা কৰা হয় যদিও অতুল বৰা আৰু ফণীভূষণ চৌধুৰীয়ে ফোন ৰিচিভ নকৰাৰ বিপৰীতে কেশৱ মহন্তৰ ফোন ছুইচ্ছ অফ পোৱা যায়।

প্ৰাক্তন মুখ্য মন্ত্ৰীজনে দাৱী কৰা ধৰণেই যদি হয়, তেতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হ’ব যে অগপৰ তিনি মন্ত্ৰীৰ পদত্যাগ এক নাটকহে আছিল নেকি? তেওঁলোক পুনৰ মন্ত্ৰীৰ আসনলৈ উভতি আহিব নেকি? কেৱল সেই উদ্দেশ্যেই এতিয়াও ঘূৰাই ল’ব পৰা অৱস্থাত ৰাখিছে নেকি পদত্যাগপত্ৰ?

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd