শোকাৱহ! নদীত ডুব গ’ল মাছ ধৰা নাও, মৃত্যু ৯১ গৰাকী লোকৰ

Mozambique ferry disaster

এক ভয়াৱহ নাও দুৰ্ঘটনা সংঘটিত হৈছে আফ্ৰিকান ৰাষ্ট্ৰ মোজাম্বিকত। এখন মাছ ধৰা নাও নদীত ডুব যোৱাৰ ফলত প্ৰাণ হেৰুৱাইছে ৯১ গৰাকীকৈ লোকে। নাওখনত অত্যধিক যাত্ৰীৰ বোজাই তথা ভুৱা খবৰক লৈ সৃষ্টি হোৱা আতংকৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাত মৃত্যু হোৱা ৯১ গৰাকী লোকৰ অধিকাংশই শিশু বুলি কৰ্তৃপক্ষই সদৰী কৰিছে। স্থানীয় সূত্ৰ অনুসৰি উদ্ধাৰ অভিযানৰ অন্তত মাত্ৰ ৫ জন লোককহে উদ্ধাৰ কৰা হৈছে। দুৰ্ঘটনাটোত মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, নাওখন ১৩০ জন যাত্ৰীসহ নামপুলা চহৰ অভিমুখে ৰাওনা হৈছিল। জোখতকৈ অধিকসংখ্যক যাত্ৰী কঢ়িয়াই নিছিল সৰু মাছ ধৰা নাওখনে। যাত্ৰাৰ সময়ত হঠাৎ খবৰ বিয়পি পৰে যে নাওখনত থকা এজন যাত্ৰী কলেৰাত আক্ৰান্ত।

সেই খবৰে আতংকিত কৰি তোলে নাওখনৰ যাত্ৰীসকলক। ভয়তে নাওখনৰ পৰা পলাবলৈ চেষ্টা কৰে যাত্ৰীসকলে। তেনে পৰিস্থিতিত নাওখনত সৃষ্টি হোৱা অত্যধিক জোকাৰণিৰ বাবে নাওখন ওলোটাকৈ বাগৰি পৰে। লগে লগে যাত্ৰীসকল পানীত পৰি যায়।

দুৰ্ঘটনাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে কৰ্তৃপক্ষই। উদ্ধাৰ অভিযানত অভিযানকাৰী দলটোৱে ৯১ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে পাঁচজনক জীৱন্তে উদ্ধাৰ কৰে। এনে অৱস্থাত মৃতকৰ সংখ্যান বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

নামপুলা প্ৰদেশৰ প্ৰশাসনিক মুৰব্বী জেমী নেটোৱে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নাওখন এইদৰে যাত্ৰী কঢ়িয়াই নিয়াৰ বাবে একেবাৰেই উপযোগী নহয় বুলি মন্তব্য কৰে। ইমান সংখ্যক যাত্ৰীক কেনেকৈ সৰু নাওখনত উঠিবলৈ দিয়া হ’ল সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে বুলি তেওঁ লগতে কয়।

মন কৰিবলগীয়া যে যোৱা অক্টোবৰৰ পৰাই মোজাম্বিক কলেৰা ৰোগে আগ্ৰাসী ৰূপ ধাৰণ কৰিছে। কমেও ১৫ হাজাৰ লোক কলেৰাত আক্ৰান্ত হৈছে। প্ৰাণ হেৰুৱাইছে ৩২ জন লোকে। এনে পৰিস্থিতিত কলেৰাৰ উৰাবাতৰি শুনি নাওখনৰ যাত্ৰীসকলৰ মাজত আতংক বিয়পি পৰে।