• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পানী যোগানৰ ভুৱা প্ৰতিশ্ৰুতিৰে নিৰ্বাচন জিকিব খুজিছে হিমন্ত বিশ্ব শৰ্মাই: অজিত কুমাৰ ভূঞা

গুৱাহাটীত পানী যোগানৰ নামত ভয়ানক কেলেংকাৰীৰ অভিযোগ তুলিলে অজিত কুমাৰ ভূঞাই

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
April 20, 2022 1:28 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পানী যোগানৰ ভুৱা প্ৰতিশ্ৰুতি দি নিৰ্বাচন জিকিব খুজিছে বুলি মন্তব্য কৰিছে আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই।

মঙলবাৰে এক সংবাদমেলত তেওঁ কয় “বি ক্লাছ মহানগৰ গুৱাহাটীৰ নাগৰিকক এটোপাল বিশুদ্ধ পানী যোগান দিব নোৱাৰা বিজেপি চৰকাৰে ২০২৪ ৰ মাৰ্চৰ ভিতৰত দেশৰ গাঁৱে গাঁৱে বিশুদ্ধ পানী যোগানৰ সপোন দেখুৱাইছে। গুৱাহাটী মহানগৰৱাসীলৈ এটুপি বিশুদ্ধ খোৱা পানী যোগানৰ নামত ৰাজ্য চৰকাৰে বিয়াগোম কেলেংকাৰী সংঘটিত কৰিছে। একেৰাহে ২১ বছৰ কাল গুৱাহাটীৰ এটা সমষ্টিৰ বিধায়ক আৰু অতিকৈ শক্তিশালী আৰু প্রভাৱশালী মন্ত্রী হৈ থকা বৰ্তমানৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰাইজক আজিলৈকে এটোপাল বিশুদ্ধ পানী খুৱাব নোৱৰাটো কিমান ডাঙৰ অপৰাধ সেই কথা তেওঁ মানি নল’লেও গুৱাহাটীৰ ৰাইজে ভালকৈয়ে বুজি উঠিছে।”

Apply Now

বছৰ বছৰ ধৰি গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিচাপে কার্যনিবাহ কৰা আৰু বিগত কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁৰ মন্ত্রিত্বৰ কালতে আৰম্ভ কৰা পানী যোগান প্ৰকল্প আজি ১০ বছৰে হিমন্ত বিশ্ব শৰ্মাই কাৰ্যক্ষম কৰিব নোৱাৰিলে। সেইজন মানুহে এতিয়া গুৱাহাটী পৌৰ নিগমৰ ভোটৰ লালসাত ৰাইজক আকৌ জীয়াফাঁকি দিছে যে জুলাই মাহৰ পৰা ৰাইজে পানী পাব!” তেওঁ কয়।

দুর্ভাগ্যজনক কথা যে হেজাৰ হেজাৰ কোটি টকাৰ ব্যয়েৰে গুৱাহাটীৰ মেট্র’পলিটান এলেকাৰ নাগৰিকলৈ নাগৰিকে বলে পৰা দৰত, বিশ্বাসযোগ্য, নিৰাপদ, উচ্চ-চাপযুক্ত আৰু অহৰ্নিশে যোগানক্ষম বিশুদ্ধ পানী যোগানৰ বাৰে সমগ্ৰ মহানগৰীত কাহানিবাই আৰম্ভ কৰা তিনিটাকৈ বৃহৎ বৃহৎ পানী যোগান প্ৰকল্পৰ এটাও আজিলৈকে কার্যক্ষম হৈ নুঠিল।

তেওঁ কয় যে ২০০৯ চনতে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ শাসনকালত আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ন্যস্ত থকাৰ সময়তে এই প্রকল্প কেইটাৰ কাম আৰম্ভ কৰা হৈছিল।

তাৰে এটা জাপানৰ ‘জাইকা’ ৰ সহযোগত, এটা এছিয়াৰ ডেভেলপমেন্ট বেংকৰ সহযোগত আৰু তৃতীয়টো জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় আৰবান ৰিনিৱেল মিছনৰ পুঁজিৰে আৰম্ভ কৰা হৈছিল।

যোৱা ২০২১ চনৰ ১০ ডিচেম্বৰ তাৰিখে ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে গুৱাহাটী মহানগৰীৰ নাগৰিকৰ বাবে পানী যোগান আঁচনি সম্পৰ্কত উত্থাপন কৰা ১৭০৮ নং প্রশ্নৰ উদ্ধৃতি দি ভূঞাই কয় “আমাৰ প্ৰশ্নটোৰ উত্তৰত চৰকাৰৰ তৰফৰ পৰা কোৱা হ’ল যে বিভিন্ন কাৰণত উত্তৰ গুৱাহাটীকে ধৰি বৃহত্তৰ গুৱাহাটীত আৰম্ভ কৰা মুঠ চাৰিটা পানী যোগান প্ৰকল্পৰ কাম সম্পূর্ণ কৰিব পৰা হোৱা নাই। মূল কাৰণ হিচাপে কোৱা হ’ল যে ৰে’ল বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ প্রাধিকৰণ আৰু অসমৰ গড়কাপ্তানি বিভাগে প্রয়োজনীয় অনুমতি দিয়াত বিলম্ব ঘটাইছিল। ইয়াৰ উপৰি চৰকাৰে হাস্যকৰভাৱে আৰু এটা কাৰণ দাঙি ধৰিছে। সেইটো হ’ল কোভিড-১৯ এ সৃষ্টি কৰা ভয়াৱহতা।”

কোভিড-১৯ৰ কাৰণটো এইকাৰণেই হাস্যকৰ যে কোভিড-১৯ৰ ভয়াৱহতাৰ বহু আগেয়েই এই প্রকল্পকেইটা সম্পূৰ্ণ হৈ গুৱাহাটীবাসীয়ে ঘৰে ঘৰে পানী পাব লাগিছিল।

তেওঁ পুনৰ কয় “এইটোৱে ইয়াকেই স্পষ্ট কৰি তুলিছে যে আচলতে চৰকাৰে প্রকৃত সত্য ৰাইজৰ আগত দাঙি ধৰাতকৈ ব্যর্থতা ঢাকিবলৈ বহু সঁচা কথা লুকুৱাবলৈ আপ্রাণ চেষ্টা চলোৱাত লাগিছে।ৰাজ্যসভাৰ শেহতীয়া অধিৱেশনতো তেওঁ সংসদৰ ‘শূন্য’ কালত এই বিষয়টো পুনৰ উত্থাপন কৰিছিল যদিও এতিয়ালৈকে চৰকাৰৰ উত্তৰ পোৱা নাই।”

মুঠ ৩৪৯.৭০ কোটি টকা ব্য়য় সাপেক্ষ ‘জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় আৰবান ৰিনিৱেল মিছনৰ পুঁজিৰে নিৰ্মাণ কৰিবলৈ লোৱা দক্ষিণ-পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ১৮ ফেব্ৰুৱাৰী, ২০০৯ তাৰিখেই অৰ্পণ কৰা হৈছিল ‘গেমন ইণ্ডিয়া লিমিটেড’ক। সেই সময়ত চৰকাৰ আছিল কংগ্ৰেছৰ। বিভাগীয় মন্ত্রী আছিল হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ ১১ বছৰৰ পিছত, অর্থাৎ ২০২০ চনৰ ৩০ নৱেম্বৰ তাৰিখে তেতিয়াৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই অভিলাষী প্ৰকল্পটোৰ প্ৰথমটো গোটৰ শুভাৰম্ভ কৰিছিল।  এই প্ৰথমটো কাৰ্যক্ষম গোটৰ পৰিশোধিত পানী কামাখ্যা বিতৰণ এলেকাৰ “District Metering area (DMA) ১.২,৩ আৰু ৪’ৰ অন্তর্গত অঞ্চলবোৰত যোগান ধৰিব লাগিছিল।

উল্লেখ্য যে প্ৰকল্পটোৰ মতে এই ৪ টা DMAৰ অধীনৰ এলেকাসমূহ হ’ল-এ টি ৰ’ডৰ সোঁফালে থকা কালিপুৰ, মূল মালিগাঁও চাৰিআলি, কামাখ্যা ক’লনি, পাণ্ডুৰ সম্পূর্ণ এলেকা, বৰিপাৰা, কামাখ্যা নগৰ, পাণ্ডৱ নগৰ , আনন্দ নগৰ , শংকৰ নগৰ, জয়মতী নগৰ আৰু আদাবাৰী অঞ্চলকে ধৰি ভূতনাথৰ পৰা মালিগাঁও চাৰিআলিলৈকে এক বিশাল অঞ্চল।
গুৱাহাটীবাসীয়ে ১৩ বছৰে এটোপাল বিশুদ্ধ পানী লাভ নকৰাটো চৰকাৰখনৰ বাবে কিমান লজ্জাজনক ব্যৰ্থতা সেইয়া প্ৰমাণিত হ’ল। ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশৰ প্ৰতিখন গাঁৱৰ বাসিন্দাক বিশুদ্ধ পানীৰ যোগান ধৰিব নোৱাৰা বিজেপি চৰকাৰৰ মুখত এনে কথা শোভা নাপায় বুলি ভূঞাই মন্তব্য কৰে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd