পানী যোগানৰ ভুৱা প্ৰতিশ্ৰুতিৰে নিৰ্বাচন জিকিব খুজিছে হিমন্ত বিশ্ব শৰ্মাই: অজিত কুমাৰ ভূঞা

গুৱাহাটীত পানী যোগানৰ নামত ভয়ানক কেলেংকাৰীৰ অভিযোগ তুলিলে অজিত কুমাৰ ভূঞাই

 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পানী যোগানৰ ভুৱা প্ৰতিশ্ৰুতি দি নিৰ্বাচন জিকিব খুজিছে বুলি মন্তব্য কৰিছে আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই।

মঙলবাৰে এক সংবাদমেলত তেওঁ কয় “বি ক্লাছ মহানগৰ গুৱাহাটীৰ নাগৰিকক এটোপাল বিশুদ্ধ পানী যোগান দিব নোৱাৰা বিজেপি চৰকাৰে ২০২৪ ৰ মাৰ্চৰ ভিতৰত দেশৰ গাঁৱে গাঁৱে বিশুদ্ধ পানী যোগানৰ সপোন দেখুৱাইছে। গুৱাহাটী মহানগৰৱাসীলৈ এটুপি বিশুদ্ধ খোৱা পানী যোগানৰ নামত ৰাজ্য চৰকাৰে বিয়াগোম কেলেংকাৰী সংঘটিত কৰিছে। একেৰাহে ২১ বছৰ কাল গুৱাহাটীৰ এটা সমষ্টিৰ বিধায়ক আৰু অতিকৈ শক্তিশালী আৰু প্রভাৱশালী মন্ত্রী হৈ থকা বৰ্তমানৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰাইজক আজিলৈকে এটোপাল বিশুদ্ধ পানী খুৱাব নোৱৰাটো কিমান ডাঙৰ অপৰাধ সেই কথা তেওঁ মানি নল’লেও গুৱাহাটীৰ ৰাইজে ভালকৈয়ে বুজি উঠিছে।”

বছৰ বছৰ ধৰি গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী হিচাপে কার্যনিবাহ কৰা আৰু বিগত কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁৰ মন্ত্রিত্বৰ কালতে আৰম্ভ কৰা পানী যোগান প্ৰকল্প আজি ১০ বছৰে হিমন্ত বিশ্ব শৰ্মাই কাৰ্যক্ষম কৰিব নোৱাৰিলে। সেইজন মানুহে এতিয়া গুৱাহাটী পৌৰ নিগমৰ ভোটৰ লালসাত ৰাইজক আকৌ জীয়াফাঁকি দিছে যে জুলাই মাহৰ পৰা ৰাইজে পানী পাব!” তেওঁ কয়।

দুর্ভাগ্যজনক কথা যে হেজাৰ হেজাৰ কোটি টকাৰ ব্যয়েৰে গুৱাহাটীৰ মেট্র’পলিটান এলেকাৰ নাগৰিকলৈ নাগৰিকে বলে পৰা দৰত, বিশ্বাসযোগ্য, নিৰাপদ, উচ্চ-চাপযুক্ত আৰু অহৰ্নিশে যোগানক্ষম বিশুদ্ধ পানী যোগানৰ বাৰে সমগ্ৰ মহানগৰীত কাহানিবাই আৰম্ভ কৰা তিনিটাকৈ বৃহৎ বৃহৎ পানী যোগান প্ৰকল্পৰ এটাও আজিলৈকে কার্যক্ষম হৈ নুঠিল।

তেওঁ কয় যে ২০০৯ চনতে তদানীন্তন কংগ্ৰেছ চৰকাৰৰ শাসনকালত আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীৰ দায়িত্ব ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ন্যস্ত থকাৰ সময়তে এই প্রকল্প কেইটাৰ কাম আৰম্ভ কৰা হৈছিল।

তাৰে এটা জাপানৰ ‘জাইকা’ ৰ সহযোগত, এটা এছিয়াৰ ডেভেলপমেন্ট বেংকৰ সহযোগত আৰু তৃতীয়টো জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় আৰবান ৰিনিৱেল মিছনৰ পুঁজিৰে আৰম্ভ কৰা হৈছিল।

যোৱা ২০২১ চনৰ ১০ ডিচেম্বৰ তাৰিখে ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে গুৱাহাটী মহানগৰীৰ নাগৰিকৰ বাবে পানী যোগান আঁচনি সম্পৰ্কত উত্থাপন কৰা ১৭০৮ নং প্রশ্নৰ উদ্ধৃতি দি ভূঞাই কয় “আমাৰ প্ৰশ্নটোৰ উত্তৰত চৰকাৰৰ তৰফৰ পৰা কোৱা হ’ল যে বিভিন্ন কাৰণত উত্তৰ গুৱাহাটীকে ধৰি বৃহত্তৰ গুৱাহাটীত আৰম্ভ কৰা মুঠ চাৰিটা পানী যোগান প্ৰকল্পৰ কাম সম্পূর্ণ কৰিব পৰা হোৱা নাই। মূল কাৰণ হিচাপে কোৱা হ’ল যে ৰে’ল বিভাগ, ৰাষ্ট্ৰীয় ঘাইপথ প্রাধিকৰণ আৰু অসমৰ গড়কাপ্তানি বিভাগে প্রয়োজনীয় অনুমতি দিয়াত বিলম্ব ঘটাইছিল। ইয়াৰ উপৰি চৰকাৰে হাস্যকৰভাৱে আৰু এটা কাৰণ দাঙি ধৰিছে। সেইটো হ’ল কোভিড-১৯ এ সৃষ্টি কৰা ভয়াৱহতা।”

কোভিড-১৯ৰ কাৰণটো এইকাৰণেই হাস্যকৰ যে কোভিড-১৯ৰ ভয়াৱহতাৰ বহু আগেয়েই এই প্রকল্পকেইটা সম্পূৰ্ণ হৈ গুৱাহাটীবাসীয়ে ঘৰে ঘৰে পানী পাব লাগিছিল।

তেওঁ পুনৰ কয় “এইটোৱে ইয়াকেই স্পষ্ট কৰি তুলিছে যে আচলতে চৰকাৰে প্রকৃত সত্য ৰাইজৰ আগত দাঙি ধৰাতকৈ ব্যর্থতা ঢাকিবলৈ বহু সঁচা কথা লুকুৱাবলৈ আপ্রাণ চেষ্টা চলোৱাত লাগিছে।ৰাজ্যসভাৰ শেহতীয়া অধিৱেশনতো তেওঁ সংসদৰ ‘শূন্য’ কালত এই বিষয়টো পুনৰ উত্থাপন কৰিছিল যদিও এতিয়ালৈকে চৰকাৰৰ উত্তৰ পোৱা নাই।”

মুঠ ৩৪৯.৭০ কোটি টকা ব্য়য় সাপেক্ষ ‘জৱাহৰলাল নেহৰু ৰাষ্ট্ৰীয় আৰবান ৰিনিৱেল মিছনৰ পুঁজিৰে নিৰ্মাণ কৰিবলৈ লোৱা দক্ষিণ-পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ কাম ১৮ ফেব্ৰুৱাৰী, ২০০৯ তাৰিখেই অৰ্পণ কৰা হৈছিল ‘গেমন ইণ্ডিয়া লিমিটেড’ক। সেই সময়ত চৰকাৰ আছিল কংগ্ৰেছৰ। বিভাগীয় মন্ত্রী আছিল হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ ১১ বছৰৰ পিছত, অর্থাৎ ২০২০ চনৰ ৩০ নৱেম্বৰ তাৰিখে তেতিয়াৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এই অভিলাষী প্ৰকল্পটোৰ প্ৰথমটো গোটৰ শুভাৰম্ভ কৰিছিল।  এই প্ৰথমটো কাৰ্যক্ষম গোটৰ পৰিশোধিত পানী কামাখ্যা বিতৰণ এলেকাৰ “District Metering area (DMA) ১.২,৩ আৰু ৪’ৰ অন্তর্গত অঞ্চলবোৰত যোগান ধৰিব লাগিছিল।

উল্লেখ্য যে প্ৰকল্পটোৰ মতে এই ৪ টা DMAৰ অধীনৰ এলেকাসমূহ হ’ল-এ টি ৰ’ডৰ সোঁফালে থকা কালিপুৰ, মূল মালিগাঁও চাৰিআলি, কামাখ্যা ক’লনি, পাণ্ডুৰ সম্পূর্ণ এলেকা, বৰিপাৰা, কামাখ্যা নগৰ, পাণ্ডৱ নগৰ , আনন্দ নগৰ , শংকৰ নগৰ, জয়মতী নগৰ আৰু আদাবাৰী অঞ্চলকে ধৰি ভূতনাথৰ পৰা মালিগাঁও চাৰিআলিলৈকে এক বিশাল অঞ্চল।
গুৱাহাটীবাসীয়ে ১৩ বছৰে এটোপাল বিশুদ্ধ পানী লাভ নকৰাটো চৰকাৰখনৰ বাবে কিমান লজ্জাজনক ব্যৰ্থতা সেইয়া প্ৰমাণিত হ’ল। ২০২৪ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশৰ প্ৰতিখন গাঁৱৰ বাসিন্দাক বিশুদ্ধ পানীৰ যোগান ধৰিব নোৱাৰা বিজেপি চৰকাৰৰ মুখত এনে কথা শোভা নাপায় বুলি ভূঞাই মন্তব্য কৰে।