NORTHEAST NOW (Assamese)

অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী সমিতিত নাথাকে অধ্যক্ষ মদন প্ৰসাদ বেজবৰুৱা

January 12, 2019 1:42 pm · এন ই নাও নিউজ
প্ৰাক্তন প্ৰশাসনিক বিষয়া মদন প্ৰসাদ বেজবৰুৱা। ফটো : ইউটিউব

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গঠন কৰি দিয়া অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী সমিতিৰ  অধ্যক্ষ মদন প্ৰসাদ বেজবৰুৱাই সমিতিৰ পৰা ওলাই অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শুকুৰবাৰে এক পত্ৰযোগে গৃহ মন্ত্ৰণালয়ক এই কথা জনাইছে।

বেজবৰুৱাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি কয় যে সমিতিখন গঠনৰ পূৰ্বে সদস্যসকলৰ জনোৱা নহ’ল। যোৱা ৭ জানুৱাৰিত মন্ত্ৰালয়ে জাৰি কৰা জাননী অনুসৰি সমিতিখনৰ অধ্যক্ষ হিচাপে মদন প্ৰসাদ বেজবৰুৱাক ৰখা হৈছিল। জানিব পৰা মতে, বেজবৰুৱাই অধিকাংশ সদস্য নাথাকিলে সমিতিৰ অস্তিত্ব নাথাকিব বুলি কাৰণ দৰ্শাই কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখযোগ্য যে ইতিমধ্যে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়া আৰু ৰংবং তেৰাং, শিক্ষাবিদ মুকুন্দ ৰাজবংশীৰ লগতে আছুৰ প্ৰতিনিধিয়ে সমিতিৰ সদস্য পদ প্ৰত্যাখ্যান কৰিছে।

আনহাতে, ‘দ্য ছেন্টিনেল’ কাকতৰ প্ৰাক্তন সম্পাদক ধীৰেন্দ্ৰ নাথ বেজবৰুৱাইয়ো সমিতিৰ সদস্য হিচাপে থকাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বিৰুদ্ধেও তেওঁৰ স্থিতি স্পষ্ট কৰি দিছে।

ইপিনে, সমিতিৰ আনগৰাকী সদস্য চৰকাৰী প্ৰতিনিধি ড০ ৰমেশ বৰপাত্ৰ গোহাঁই আছে যদিও বাকী আটাইকেইজন সদস্যই সমিতিত নথকাৰ সিদ্ধান্ত গ্ৰহণ কৰাত স্বাভাৱিকতে সমিতিখন নিষ্ক্রিয় হৈ পৰিল।

Related News