সংসদ চৌহদত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপনৰ দাবী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ

সাংসদ বৈশ্যৰ দাবী অসমীয়াতে সহাৰি জনালে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে

Bhupen Hazarika & Birendra Prasad Baishya

সংসদ ভৱনৰ চৌহদত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ মূৰ্তি স্থাপনৰ দাবী জনালে অগপৰ নৱ- নিৰ্বাচিত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। ভূপেন হাজৰিকাক ভাৰতৰ এগৰাকী মহান মনীষী আখ্যা দি বৈশ্যই সদনৰ মজিয়াত দেশ নিৰ্মাণৰ ক্ষেত্ৰত সুধাকন্ঠৰ অৱদানৰ কথা দোহাৰে। ৰাজ্যসভাৰ শূণ্যকালীন ঘন্টাত এই দাবী তোলে সাংসদ বৈশ্যই।

‘ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্তি আমাৰ ৰাজ্যসভাৰ চৌহদত নিৰ্মাণ কৰিবলৈ সংসদৰ কমিটিলৈ অনুৰোধ জনাইছো। ড০ ভূপেন হাজৰিকা কেৱল এজন মহান গায়কেই নহয়, তেওঁ এগৰাকী মহান দেশপ্ৰেমী আৰু দেশৰ এগৰাকী মহান মনীষী।‘ নিজৰ বক্তব্য ৰখাৰ সময়ত এইদৰে কয় সাংসদজনে।

ইয়াৰ উপৰি, চীনৰ ভাৰত আক্ৰমণৰ সময়ত ভূপেন হাজৰিকাৰ অৱদান তথা দেশ-প্ৰেমমূলক গীতৰ কথা দোহাৰে বৈশ্যই।

তেওঁ কয় ‘১৯৬২ চনত চীনে যেতিয়া ভাৰত আক্ৰমণ কৰিছিল, সেই সময়ত ভাৰতীয় সৈনিক বেছি শক্তিশালী নাছিল। চীনে অৰুণাচলৰ ব’মডিলালৈকে প্ৰৱেশ কৰিছিল। তেওঁলোকে ভাৰতীয় লোকক হত্যা কৰিছিল। সেই সময়তে ভূপেন হাজৰিকাই তেওঁৰ গীতৰ জৰিয়তে দেশমাতৃক জগাই তোলাৰ চেষ্টা কৰিছিল। লগতে এক শক্তিশালী ভাৰতীয় সেনাবাহিনী চীনৰ সীমান্তত লাগে বুলি দাবী কৰিছিল।‘

ইপিনে, বৈশ্যই সুধাকন্ঠৰ ‘হেনো হিমালয় ভাৰতৰ প্ৰহৰী’ শীৰ্ষক গীতটি গোৱাৰ প্ৰয়াস কৰে যদিও তেওঁৰ বক্তব্য ৰখাৰ সময় উকলি যোৱাত আধাতে ৰ’বলগীয়া হয়।

ইফালে বিষয়টো বিবেচনাৰ বাবে সংসদৰ কমিটিলৈ প্ৰেৰণ কৰা হ’ব বুলি অসমীয়াতে মন্তব্য কৰে উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৱে।