ক’ৰ’নাৰ পৰা আৰোগ্য হৈ উঠা মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী শিৰৱাজ সিং চৌহানে কৰিব প্লাজমা দান

শিৱৰাজ সিং চৌহান

ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পাছত সুস্থ হৈ উঠা মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্লাজমা দান কৰিব বুলি ঘোষণা মত প্ৰকাশ কৰে।

দেওবাৰে মধ্যপ্ৰদেশৰ মুখ্য মন্ত্ৰী গৰাকীয়ে আনুষ্ঠানিকভাৱে ক’ৰ’না ৰোগী সকলৰ চিকিৎসাৰ বাবে তেওঁ প্লাজমা দান কৰিবলৈ ইচ্ছুক বুলি কয়।

শিৱৰাজ সিং চৌহান বিগত ২৫ জুলাইত ক’ৰ’না প’জিটিভ হোৱাৰ পাছত চিকিৎসাধীন হৈ আছিল।

এঘাৰ দিন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰাৰ অন্তত চৌহানক ৫ আগষ্টত ক’ৰ’না মুক্ত ঘোষণা কৰি চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়।

মধ্যপ্ৰদেশত বৰ্তমান সময়ত ৮,৮০০ গৰাকীতকৈ অধিক সক্ৰিয় ক’ৰ’না আক্ৰান্ত ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

চিকিৎসালয়ত থকা অৱস্থাতো শিৱৰাজ সিং চৌহানে নিজৰ কাপোৰ নিজে ধুইছিল আৰু কপোৰ ধোৱাৰ ফলত তেওঁৰ পুৰণি হাতৰ বিষৰ পৰাও যথেষ্টখিনি সকাহ লাভ কৰা বুলি জনাইছিল।