NORTHEAST NOW (Assamese)

দিল্লীত বায়ু প্ৰদূষণক লৈ প্ৰতিবাদ সাংসদ গৌৰব গগৈৰ

November 18, 2019 2:51 pm · এন ই নাও নিউজ
নতুন দিল্লীত সাংসদ গৌৰৱ গগৈ। ফাইল ফটো

লোকসভাৰ কলিয়াবৰৰ সাংসদ গৌৰব গগৈয়ে সোমবাৰে নতুন দিল্লীত বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধিৰ বিৰুদ্ধে সংসদৰ বাহিৰত এক প্ৰতিবাদ সাৱ্যস্ত কৰে।

গগৈয়ে মুখত প্ৰদূষণ প্ৰতিৰোধী মাস্ক পৰিধান কৰে আৰু সংসদৰ বাহিৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ সাৱ্যস্ত কৰে।

তেওঁ কয় যে তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এখন নতুন আইন অনাটো বিচাৰে কিয়নো ১৯৮১চনৰ আইনখন পুৰণি আৰু একেবাৰেই খাপ নোখোৱা হৈছে।

গৌৰব গগৈয়ে সংসদৰ চলিত শীতকালীন অধিৱেশনতে বায়ু ( প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৮১’ৰ সংশোধনৰ প্ৰস্তাৱেৰে এখন ব্যক্তিগত সদস্যৰ বিধেয়ক (প্ৰাইভেট মেম্বাৰ্ছ বিল) উত্থাপন কৰিব।

১৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশন অহা ১৩ ডিচেম্বৰলৈকে চলিব।

ইয়াৰ পূৰ্বে তেওঁ কয় যে তেওঁৰ প্ৰথম লক্ষ্য হৈছে স্বাস্থ্যৰ প্ৰতি ভাবুকি বায়ু প্ৰদূষণৰ বিষয়টো তুলি ধৰা।

‘’আইনখনৰ ক’তো ইয়াক এটা স্বাস্থ্যজনিত বিষয় হিচাপে উল্লেখ কৰা নাই। সেয়ে আমি ইয়াক তাত তুলি ধৰিম। বিধেয়কখনৰ মূল বিষয়বস্তু হ’ব কেন্দ্ৰীয় প্ৰদূষণ বোৰ্ডক অধিক ক্ষমতা দিয়া,’’-গগৈয়ে কয়।

Related News